ব্ৰাজিলত উজ্বলিছে অসমৰ ৰূপজ্যোতি চৌধুৰী
দৈনিক বাতৰি

ব্ৰাজিলত উজ্বলিছে অসমৰ ৰূপজ্যোতি চৌধুৰী

জিপ্লাছ ব্যুৰ’ | July 26, 2019 19:13 hrs

২৬ জুলাই, গুৱাহাটী - হিমা, হৃদয়, শিৱ থাপাৰ লগতে বিদেশত উদ্বলি উঠিছে আঅন এগৰাকী অসমৰ ক্ৰীড়াবিদ। ব্ৰাজিলৰ পেছাদাৰী এম এম এ ক্লাৱৰ সৈতে দুবছৰীয়া চুক্তিত স্বাক্ষৰ কৰিছে অসমৰ প্ৰতিভাৱান সমৰকলা খেলুৱৈ ৰূপজ্যোতি চৌধুৰীয়ে।

ইতিমধ্যে ব্ৰাজিলৰ ‘চিটি আইটেম’ ক্লাবৰ হৈ কেবাখনো আন্তঃৰাষ্ট্ৰীয় খেলত খ্যাতি অৰ্জন কৰিছে নলবাৰীৰ ৰূপজ্যোতি চৌধুৰীয়ে। ব্ৰাজিলত অলপতে অনুষ্ঠিত সমৰকলা প্ৰতিযোগিতাত ব্ৰাজিলৰ ক্লাৱটোক কেবাবাৰো বিজয়ৰ মুকুট পিন্ধাবলৈ সক্ষম হৈছে অসম সন্তানজনে। 

দুবছৰৰ ভিছা লৈ ব্ৰাজিললৈ উৰা মৰা ৰূপজ্যোতিৰ পিতৃ-মাতৃ নিজ পুত্ৰক লৈ গৌৰাৱান্বিত।

তিনিমাহ পূৰ্বেই ব্ৰাজিলৰ ‘চিটি আইটেম’ নামৰ ক্লাৱৰ সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছে ৰূপজ্যোতি। সম্প্ৰতি ব্ৰাজিলতো মিক্সড মাৰ্চিয়েল আৰ্টছৰ অনবদ্য প্ৰদৰ্শনেৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰূপজ্যোতি।

ভাৰত চৰকাৰে যদিহে অসমৰ প্ৰতিভাৱান খেলুৱৈসমূহৰ প্ৰশিক্ষণ বেংগালুৰুত লোৱাৰ সলনি নিজৰ দেশত গুৰুত্ব দিয়ে তেনেহ’লে ৰূপজ্যোতিয়ে ব্ৰাজিলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগনবঢ়াই দেশৰ হৈ সুনাম কঢ়িয়াই অনিলেহেতেন। হিমা দাস, শিৱ থাপাৰ দৰে ৰূপজ্যোতিৰ নামটো অসমবাসীয়ে দেশৰ বুকুত জিলিকি থকা দেখিলেহেঁতেন।