মহাৰাষ্ট্ৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অসমৰ লোক
১১ জুন, গুৱাহাটী - মহাৰাষ্ট্ৰত এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ এগৰাকী লোকৰ মৃতদেহ। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱালিৱ আৰক্ষী থানাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই ঘটনাটো।
উল্লেখ্য যে মৃতদেহটো অসমৰ যোৰহাট জিলাৰ ভগামুখ লাহোৱাল ভিতৰুৱালৰ সঞ্জীৱ দত্ত বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালসূত্ৰত প্ৰকাশ যে বিগত ৪ জুনত চাকৰিৰ সন্ধানত গুজৰাট অভিমুখে ৰাওনা হৈছিল সঞ্জীৱ।
পিছে, কিছুদিন পিছতে প্ৰয়াত দত্তই মহাৰাষ্ট্ৰলৈ আহে আৰু এটা ভাড়াঘৰত থাকিবলৈ লয়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ঘৰ সলনি কৰা দিনটোতেই দত্তৰ ঘৰৰ মালিকে পৰিয়াললৈ দত্ত সন্ধানহীন হোৱাৰ খবৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে ৮ জুনত দত্তৰ ঘৰৰ মালিকে ৱালিভ থানাত দত্ত সন্ধানহীন হোৱা বুলি এক গোচৰো দিয়ে। সম্প্ৰতি সঞ্জীৱ দত্তৰ পৰিয়ালে মৃতদেহটো চমজি ল’বৰ বাবে ৱালিৱ থানাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।