নিজৰে কিশোৰী কন্যাক ধৰ্ষণ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত পিতৃ
দৈনিক বাতৰি

নিজৰে কিশোৰী কন্যাক ধৰ্ষণ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত পিতৃ

জিপ্লাছ ব্যুৰ’ | August 10, 2019 16:32 hrs

১০ আগষ্ট, গুৱাহাটী - দুবছৰ ধৰি নিজৰ নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত এগৰাকী লোকক নগাওঁৰ এখন আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। 

অতিৰিক্ত জিলা আৰু সত্ৰ আদালতৰ ন্যায়াধীশ আমিনুৰ ৰহমানে শুক্ৰবাৰে পক্স’ আইনৰ ধাৰা ৬ ৰ অধীনত লোকগৰাকীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। ইয়াৰ উপৰিও ২০০০ টকাৰ জৰিমণাও দিব লাগিব লোকজনে।

পিটিআইৰ তথ্য অনুসৰি ন্যায়াধীশগৰাকীয়ে ভুক্তভোগী কিশোৰীগৰাকীক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈও জিলা আইন সেৱা কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

তথ্য অনুসৰি মাতৃৰ মৃত্যু হোৱাৰ পিছত ন বছৰীয়া কিশোৰীগৰাকীক বিগত দুবছৰে নিয়মিতভাৱে ধৰ্ষণ কৰি আহিছিল।

প্ৰতিনিধিত্বমূলক ছবি

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • This is to inform the general public Male/Female

    This is to inform the general public Male/Female who are healthy and %100 serious in selling their kidney should urgently contact Global Hospital, As we have a lot of patients who are here for kidney transplant, Our hospital is specialized in Kidney Surgery transplant and other major treatments.whatsApp +918929375881. Email: globalkidneyhospital@gmail.com