ছলমান খানক লগ পাবৰ বাবে ৬০০ কিলোমিটাৰ চাইকেল চলাই গুৱাহাটীলৈ আহিল, পিছে নাহে ছলমান

Friday, 28 February 2020

দৈনিক বাতৰি

ছলমান খানক লগ পাবৰ বাবে ৬০০ কিলোমিটাৰ চাইকেল চলাই গুৱাহাটীলৈ আহিল, পিছে নাহে ছলমান

জিপ্লাছ | February 14, 2020 15:23 hrs

গুৱাহাটী - গুৱাহাটীত অনুষ্ঠিতব্য ফিল্মফেয়াৰত দাবাং ছলমান খানে ভাগ ল’ব বুলিয়েই ছল্লু ভাইক এবাৰ কাষৰ পৰা চোৱাৰ হাবিয়াসেৰে সুদীৰ্ঘ ৬০০ কিলোমিটাৰ পথ চাইকেলেৰে গুৱাহাটীত উপস্থিত হ’ল এজন অনুৰাগী।

তিনিচুকীয়াৰ পৰা ভূপেন লিকছন নামৰ ৫২ বছৰীয়া এইগৰাকী লোকে ৮ ফেব্ৰুৱাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰি ১৩ ফেব্ৰুৱাৰীত আহি গুৱাহাটীত উপস্থিত হৈছে। গুৱাহাটীত অনুষ্ঠিতব্য ৬৫ তম ফিল্মফেয়াৰ অনুষ্ঠানত ছলমান খানে অংশগ্ৰহণ কৰিব বুলি ৬০০ কিলোমিটাৰ বাট অতিক্ৰম কৰি আহিও বিমুখ হ’বলগীয়া হৈছে লিকছন।