Amid COVID-19 Massive Crowd at BJP Rally Raises Concerns | Assamese News
দৈনিক বাতৰি

বিজেপিৰ নিৰ্বাচনী সভাত উলংঘন ক’ভিড-১৯ৰ নিয়মাৱলী

জি প্লাছ নিউজ | September 19, 2020 12:21 hrs

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টীৰ নেতা, নগৰ বিকাশ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীযুষ হাজৰিকাই বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ আগন্তুক  নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে তামুলপুৰ সমষ্টিত এখন সভাৰ আয়োজন কৰে|


উক্ত সভাখনত জমা হোৱা বৃহৎ সংখ্যক অনুৰাগীৰ ভিৰে সচেতন মহলৰ মাজত ৰাজ্যখনত দৈনিক বাঢ়ি অহা ক’ৰ’ণাৰ সংক্ৰমনৰ বিষয়ে উদ্বেগৰ সৃষ্টি কৰে।


জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কমিটিৰ সভাপতি ৰিপুণ বৰাই এই ঘটনা সন্দৰ্ভত জি প্লাছক কয় যে,“তেওঁ নিজেই স্বাস্থ্য মন্ত্ৰী আৰু নিজেই স্বাস্থ্য জনিত নিয়ম উলংঘন কৰিছে।”


পূৰ্বতে, ভাৰতৰ নিৰ্বাচনী আয়োগে ক’ভিডৰ সময়ত হ’ব লগীয়া নিৰ্বাচনীৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। অসমৰ নিৰ্বাচনী আয়োগেও সেয় একে নিয়মাৱলীকে গ্ৰহণ কৰিছিল, যাৰ অনুযায়ী সভা অনুষ্ঠিত কৰা নিৰ্দেশনাৰ এক উলংঘন।