ডিমা হাছাও জিলাত ৫০ কোটি টকাৰে স্থাপন কৰা হ’ব বেম্বু ইণ্ডাষ্ট্ৰিয়েল উদ্যান
দৈনিক বাতৰি

ডিমা হাছাও জিলাত ৫০ কোটি টকাৰে স্থাপন কৰা হ’ব বেম্বু ইণ্ডাষ্ট্ৰিয়েল উদ্যান

জিপ্লাছ নিউড ডেস্ক | July 27, 2019 12:16 hrs

২৭ জুলাই, গুৱাহাটী : ডনাৰ মন্ত্ৰ্যালয়ৰ উদ্যোগত অসমৰ ডিমা হাছাও জিলাৰ মাণ্ডাৰডিছাত প্ৰথমখন বেম্বু ইণ্ডাষ্ট্ৰিয়েল উদ্যান স্থাপন কৰা হ’ব। ৫০ কোটি টকা ব্যয় কৰি প্ৰায় ৭৫ হেক্টৰ বৰ্গ কিলোমিটাৰজুৰি স্থাপন কৰিব বেম্বু ইণ্ডাষ্ট্ৰিয়েল উদ্যানখন।
 
নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰ্যালয়টোৰ এখন পৰ্য্যালোচনা সভাত ডনাৰ মন্ত্ৰ্যালয়ৰ সচিব ড০ ইন্দৰ জিত সিঙে কয় যে - কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া একশ্যন প্লেনৰ অধীনত ডনাৰ মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মুঠ ১২৩১.৯৪ কোটি টকা মূল্যৰ ৪৯টা প্ৰকল্প হাতত লৈছে। 

উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ উদ্যোগত অৰুণাচল প্ৰদেশৰ ইটানগৰতো এখন বেম্বু পাৰ্ক স্থাপন কৰা হ’ব। ডনাৰ মন্ত্ৰ্যালয়ে ২০২১ চনৰ ভিতৰত আঁচনিখনৰ ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ডনাৰ মন্ত্ৰী সিঙে টুইটযোগে পষ্ট কৰ যে - “ডনাৰৰ প্ৰথম ১০০ দিন : উত্তৰ-পূৱৰ প্ৰথমখন বেম্বু ইণ্ডাষ্ট্ৰিয়েল উদ্যান অসমৰ ডিমা হাচাও জিলাত স্থাপন কৰা হ’ব। এই অভিনৱ প্ৰকল্পটো মোডী চৰকাৰৰ ২.০ ৰ প্ৰথম এশটা দিনৰ আচঁনি আধীনত ৫০ কোটি টকা ব্যয় কৰি ৭৫ হেক্টৰ বৰ্গ কিলোমিটাৰজুৰি স্থাপন কৰা হ’ব।

প্ৰতিনিধিমূলক ছবি