ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অতিৰিক্ত খচৰাৰ দাবী আবেদনৰ দিন ১২ জুলাইলৈ বৃদ্ধি
দৈনিক বাতৰি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অতিৰিক্ত খচৰাৰ দাবী আবেদনৰ অন্তিম দিন আজি

জি প্লাছ নিউজডেস্ক | July 12, 2019 15:34 hrs

১২ জুলাই, গুৱাহাটী - অহা ৩১ জুলাইত অসমত চুড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ প্ৰাক্ক্ষণত উচ্চতম ন্যায়ালয়ৰ শুনানিক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। 

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিষয়টোৰ মূল আবেদনকাৰী আছাম পাব্লিক ৱৰ্কছৰ মুৰব্বী অভিজিৎ শৰ্মা, সদৌ অসম ছাত্ৰসন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক, খচৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰ নিৰীক্ষণৰ দাবীৰে ছুপ্ৰিম ক’ৰ্টত আবেদন দাখিল কৰা সচেতন  নাগৰিক মঞ্চৰ সভাপতি চন্দন ভট্টাচাৰ্যই এই শুনানিৰ বাবে দিল্লীত উপস্থিত আছিল। 

কিন্তু উচ্চতম ন্য়ায়ালয়ে বিষয়টোৰ সৰ্ন্দভত কোনো শুনানি গ্ৰহণ  নকৰাৰ লগতে পুনৰ কেতিয়া ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব দিন ধাৰ্য কৰা হোৱা নাই।

ইয়াৰ মাজতে শেহতীয়াকৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ পুনৰ পৰীক্ষাৰ কাৰণে এক আবেদন দাখিল কৰিছে। সেই দাবীখনত ৰাজ্যখনতৰ সীমান্তৱৰ্তী এলেকাত থকা জিলাসমূহৰ ২০ শতাংশ আৰু অন্যান্য জিলাৰ ১০ শতাংশ তথ্যৰ পুনৰ পৰীক্ষাৰ অনুৰোধ জনাইছে। ইয়াৰ লগতে ৰাজ্যসমূহৰ যিসমূহ জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক সেই জিলাসমূহত ২০ শতাংশ তথ্যৰ পুনৰ পৰীক্ষাৰ কাৰণে দুয়াখন চৰকাৰে আবেদনত উল্লেখ কৰিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰীত বাদ পৰাত  নাম অৰ্ন্তভুক্ত হোৱা লোকসকলৰ দাবী আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে আজি প্ৰকাশ কৰা জাননী অনুসৰি আজিলৈ (১২ জুলাই) বৃদ্ধি কৰা হৈছিল দাবী আবেদনৰ সময়। ইয়াৰ পূৰ্বে ১১ জুলাইত দাবী আবেদন জমা দিয়াৰ শেষ সীমা নিৰ্ধাৰণ কৰা হৈছিল।    

Banner