অসমত হাইএলাৰ্ট; মেঘালয়ত স্বোৱাইন ফ্লুত মৃত্যূ এজনৰ
দৈনিক বাতৰি

অসমত হাইএলাৰ্ট; মেঘালয়ত স্বোৱাইন ফ্লুত মৃত্যূ এজনৰ

জি প্লাছ নিউজডেস্ক | October 31, 2018 11:54 hrs

গুৱাহাটী - শীঘ্ৰেই অসমলৈ আহিব পাৰে স্বোৱাইন ফ্লুৰ বিভীষিকা। অসমৰ চুবুৰীয়া ৰাজ্যখনত দুগৰাকী লোকৰ দেহত এইচ ১ এন ১ বাইৰাছৰ উপস্থিতি ধৰা পৰা আৰু এই দুগৰাকী লোকৰ এজন লোকৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যখনতে স্বাস্থ্য বিভাগে সতৰ্কতা জাৰি কৰিছে। উল্লেখ্য যে জ্বৰ, কাঁহ, শাৰীৰিক দুৰ্বলতা আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যালৈ বিগত ১৯ অক্টোবৰত শ্বিলংৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৫৭ বছৰীয়া মহিলাগৰাকীয়ে ইতিমধ্যে মৃত্যুক আকোঁৱালি লৈছে। এই কথা জনাইছে চিকিৎসক ডাঃ হিমজ্যোতি দাসে।

চিকিৎসকে জনোৱা অনুসৰি মহিলাগৰাকীয়ে পৰিয়ালৰ কোনো অনুষ্ঠানত ভাগ ল’বলৈ পুনেলৈ গৈছিল, আৰু তাৰ পৰা উভতি অহাৰ পিছতেই তেওঁৰ দেহত এই স্বোৱাইন ফ্লুৰ নমুনা পোৱা গৈছে। ইয়াৰ পিছতেই গুৱাহাটী বিমানবন্দৰ আৰু শ্বিলং বিমানবন্দৰৰ সকলো বিষয়ববীয়াকে সষ্টম হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ইফালে বিগত ২৪ অক্টোবৰত আন এগৰাকী মহিলাক শ্বিলংত ভৰ্তি কৰোৱা হৈছে। জানিব পৰামতে এইগৰাকী মহিলাও মুম্বাইৰ পৰা শ্বিলংলৈ গীৰ্জাৰ এক অুষ্ঠানত বাগ ল’বলৈ আহিছিল। 

ইফালে তেনে কোনো ৰোগী অসমত এই পৰ্যন্তলৈ আক্ৰান্ত হোৱাৰ বাতৰি অহা নাই বুলি জনাইছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ যুটীয়া সঞ্চালক উমেশ ফাংছ’ৱে।

প্ৰতিনিধিত্বমূলক ছবি