ইজিপ্তৰ পৰা অসমলৈ আমদানি কৰা হ’ব পিঁয়াজ

Tuesday, 18 February 2020

দৈনিক বাতৰি

ইজিপ্তৰ পৰা অসমলৈ আমদানি কৰা হ’ব পিঁয়াজ

জিপ্লাছ ব্যুৰ’ | December 04, 2019 16:54 hrs

গুৱাহাটী - সমগ্ৰ ৰাজ্যজুৰি পিঁয়াজৰ চাহিদা আকাশলঙ্ঘী হোৱাৰ পৰিপ্ৰেক্ষিতত অসমলৈ এইবাৰ পিঁয়াজ আমদানি কৰি অনা হ’ব সুদূৰ ইজিপ্তৰ পৰা। এই কথা প্ৰকাশ কৰিছে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, অসমলৈ আমদানি কৰি আনিবলগীয়া পিঁয়াজখিনি ইজিপ্তৰ পৰা প্ৰথমে মুম্বাইলৈ অনা হ’ব আৰু তাৰ পৰাই অসমলৈ পিঁয়াজখিনি লৈ অহা হ’ব।

অসমলৈ আহি পোৱাৰ পিছত এই পিঁয়াজখিনিৰ প্ৰতিকিলোগ্ৰামত মূল্য হ’ব ৫৫ টকা।

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জ্যেষ্ঠ বিষয়াই জিপ্লাছৰ এই প্ৰতিনিধিক অৱগত কৰে যে কেৱল গুৱাহাটীতে প্ৰতিদিনে গড়ে প্ৰায় ৮০০ কিলোগ্ৰাম পিঁয়াজৰ প্ৰয়োজন হয়।

উল্লেখযোগ্য যে বিগত ৩ ডিচেম্বৰত গুৱাহাটীত প্ৰতিকিলোগ্ৰাম পিঁয়াজ ৯৮ টকাকৈ বিক্ৰী হৈছিল।

ইফালে দৈনন্দিন সামগ্ৰী বিশেষজ্ঞৰ মত অনুসৰি, "ইজিপ্তৰ পৰা পিঁয়াজ আমদানি কৰিবলৈ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ই পিঁয়াজৰ মূল্যত কোনো প্ৰভাৱ নেপেলায়। কাৰণ সামগ্ৰীৰ যোগান আৰু চাহিদাৰ অনুপাতে ইয়াক উচ্চহাৰত বিক্ৰী কৰিবলৈ বাধ্য কৰিব।”

ধাৰণা কৰা অনুসৰি ২০২০ চনৰ জানুৱাৰী মাহৰ পিছতহে পিঁয়াজৰ মূল্য হ্ৰাস হ’ব।

প্ৰতিনিধিত্বমূলক ছবি