শীঘ্ৰেই ৫০ বছৰ উৰ্ধৰ লোকে লাভ কৰিব ক'ভিড ভেকচিন | অসম নিউজ
দৈনিক বাতৰি

অসম : শীঘ্ৰেই ৫০ বছৰ উৰ্ধৰ লোকে লাভ কৰিব ক'ভিড ভেকচিন

জি প্লাছ নিউজ | February 23, 2021 12:35 hrs

গুৱাহাটী : ২২ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এক সংবাদমেলত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

অহা সপ্তাহৰ পৰাই অসমত ৫০ বছৰ উৰ্ধৰ লোক সকলক ক'ভিড ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে সিনহাই । যাৰ বাবে Co-WIN পৰ্টেলত গৈ লোক সকলে পঞ্জীয়ন কৰিব লাগিব বুলিও জানিবলৈ দিয়ে ।

ইয়াৰ লগতে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সংঘটিত হোৱা ঘটনাৰ সৈতে মোকাৱিলা কৰিবলৈও স্বাস্থ্য বিভাগে সকলো চেণ্টাৰতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে প্ৰধান সচিবগৰাকীয়ে । 

ইপিনে ঘৰে ঘৰে টীকাকৰণ অভিযান সম্ভৱপৰ নহয় বুলি উল্লেখ কৰি স্বাস্থ্য বিভাগৰ ওচৰৰ নিকটৱৰ্তী অঞ্চল সমূহলৈ লোক কঢ়িয়াই আনিবলৈ বিভাগৰ দ্বাৰা যাতায়তৰ ব্যৱস্থাও কৰা হ'ব বুলি প্ৰকাশ কৰে । 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অহা মাৰ্চ মাহৰ পৰা দেশৰ  ৫০ বছৰ উৰ্ধৰ লোকসকলক ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব ঘোষণা কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ।