Assam Police Apprehends Escaped Quarantine Centre Inmates | Assamese News

Tuesday, 02 June 2020

দৈনিক বাতৰি

সৰুসজাইৰ কোৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন ক’ৰোনা আক্ৰান্ত ৩ ৰোগীক আটক

| May 20, 2020 11:52 hrs

২০ মে’, গুৱাহাটী - সৰুসজাই কোৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা নলবাৰীৰ দুজন আৰু হোজাইৰ এজন ব্যক্তিক নলবাৰী আৰু হোজাই আৰক্ষীয়ে আজি আটক কৰিছে। আৰক্ষীয়ে ক’ভিড-১৯ আক্ৰান্ত ৰোগী কেইগৰাকীক নিজৰ বাসগৃহৰ পৰা আটক কৰা বুলি জানিব পৰা গৈছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে অসম আৰক্ষীয়ে পলায়ন কৰা ব্যক্তি কেইগৰাকীক আটক কৰিবলৈ সক্ষম হোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

টুইটযোগে মন্ত্ৰী হিমন্তই কয়, ‘‘নলবাৰীৰ হামিদুল আহমেদ আৰু ছাজাহল আলী, হোজাইৰ মহম্মদ ছাইদুল আলম নামৰ তিনিগৰাকী কোভিড-১৯ ৰোগী সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা ঘটনাই আমাক অশান্তিত ৰাখিছিল। নলবাৰী আৰক্ষী আৰু হোজাই আৰক্ষীক পলায়ন কৰা ৰোগী তিনিজনক আটক কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিছো।”

উল্লেখযোগ্য যে, বৰ্তমানলৈ অসমত মুঠ ১৫৭ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। মঙলবাৰে অসমত ৪২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।