Assam Police Arrests 2 Prime Accused in Sanatan Deka Lynching Case | Assamese News
দৈনিক বাতৰি

সনাতন ডেকাৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ

জিপ্লাছ | May 25, 2020 13:35 hrs

২৫ মে’, গুৱাহাটী - হাজোৰ মনাহকুছিত এজন পাচলি ব্যৱসায়ীক মৰিয়াই হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেওবাৰে নিশাই আৰক্ষীৰ এটা দলে অভিযান চলাই হাজোৰ মনাহকুছি গাঁৱৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্ত ফাইজুল হক আৰু ইউচুবউদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে।  উল্লেখ্য যে হাজো থানাৰ অন্তর্গত তেতেলিয়া গাঁৱৰ সনাতন ডেকাই ২২ মে’ত পাচলি বিক্রী কৰি বৰম্বৈ দিশৰ পৰা মনাহকুছিলৈ আহি আছিল৷ এনে অৱস্থাত ৩নং মনাহকুছি নদীপাৰত বৰম্বৈৰ মুখনীয়াৰ আব্দুল জলিল আৰু খবিৰুদ্দিন আহমেদ নামৰ লোক দুজনৰ বাইকৰ লগত সনাতনৰ চাইকেলখন দুর্ঘটনাত পতিত হয়

 ইয়াকে লৈ দুয়োৰে মাজত কথাৰ কটাকটি হয় যদিও পাছত আব্দুল জলিলে খবৰ দিয়াত ফাইজুল হক আৰু ইউচুপ উদ্দিনে এখন স্কুটীৰে আহি সেই স্থানত উপস্থিত হয় আৰু কোনো সোধা–পোছা নকৰাকৈ চাৰিওজনে মিলি পৰিকল্পিতভাৱে সনাতনক উপর্যুপৰি প্রহাৰ কৰে৷ নির্দয় প্রহাৰত পথতে  ঢলি পৰা সনাতনক প্রথমে আমিনগাঁও জি এন আৰ চি হাস্পতালতত ভর্তি কৰে৷ মূৰ আৰু বুকুত গুৰুতৰ আঘাত পোৱা সনাতন ডেকাই অৱশেষত  চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷

সনাতন ডেকাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আৰু তিনি অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে। উল্লেখ্য যে,সনাতন ডেকা পৰিয়ালটোৰ একমাএ উপাৰ্জনকাৰী ব্যক্তি আছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃৰ লগতে পত্নীক এৰি থৈ গৈছে।

সনাতন ডেকাৰ বাসগৃহত বিভিন্ন দল-সংগঠনৰ লোকে ভিৰ কৰিছেগৈ। অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে ভালেমান দল-সংগঠনে।