অসম আৰক্ষীৰ লকডাউন উলংঘাকাৰীসকলৰ বিৰুদ্ধে হেল্পলাইন নম্বৰ মুকলি
২ জুলাই, গুৱাহাটী: মহানগৰীত লকডাউন উলংঘাকৰীসকললৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ। গুৱাহাটীত ক্ৰমাৎ জটিল হৈছে পৰিৱেশ। লকডাউন উলংঘাকাৰীসকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ নতুন হোৱাটছ এপ্প হেল্পলাইন নম্বৰ মুকলি।
অসম আৰক্ষীয়ে টুইটযোগে এই ঘোষণা কৰি কয় যে যদি কোনোবাই লকডাউনৰ নিয়ম উলংঘা কৰা দেখে শীঘ্ৰেই আমাক উল্লেখিত হোৱাটছ এপ্প নম্বৰযোগে যোগযোগ কৰক। নম্বৰসমূহ হৈছে- ৬০২৬৯০০৯৭০, ৬০২৬৯০০৯৭১, ৬০২৬৯০০৯৭২, ৬০২৬৯০০৯৭৩।
লগতে টুইটাৰযোগেও টুইট কৰি অসম আৰক্ষীক টেগ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে মহানগৰীত পূৰ্বতকৈ লকডাউন কঠোৰভাৱে পালন কৰা হৈছে।