ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে ধনৰ লেনদেন আৰক্ষীৰ; ৰাইজে কৰায়ত্ত কৰিলে হাতে-লোটে
দৈনিক বাতৰি

ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে ধনৰ লেনদেন আৰক্ষীৰ; ৰাইজে কৰায়ত্ত কৰিলে হাতে-লোটে

জিপ্লাছ ব্যুৰ’ | June 19, 2019 11:57 hrs

১৯ জুন, গুৱাহাটী - এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী সৈতে ধনৰ লেনদেন কৰি থকা অৱস্থাতে হাতে-লোটে খাকী পোছাকদাৰীক কৰায়ত্ত কৰিলে ৰাইজে। এই ঘটনা তিনিচুকীয়া জিলাৰ বৰডুমছাৰ। বৰডুমছাৰ একাংশ যুৱকে পাচগৰাকীকৈ আৰক্ষীৰ লোকক ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে ধন লেনদেন কৰি থাকোতেই কৰায়ত্ত কৰে।

উল্লেখ্য যে এই আৰক্ষীৰ দলটোত এগৰাকী কমাণ্ডো আৰু দুগৰাকী বেটেলিয়নৰ জোৱানো আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ লোককেইজন ক্ৰমে মৃদুল আহমেদ, ৰাজীৱ বৰা, ৰবাৰ্ট নাৰ্জাৰী (কমাণ্ডো), কিৰণ সোণাৰ আৰু লীলা গোঁহাই। তথ্য অনুসৰি এই আটাইকেইগৰাকীয়েই বৰডুমছা আৰক্ষী থানাত কৰ্মৰত।

 

ইতিমধ্যেই আটাইকেইগৰাকী আৰক্ষীৰ লোককেই উচ্চ পদস্থ বিষয়াই জেৰা অব্যাহত ৰাখিছে।

ঘটনাৰ বিৱৰণী মতে পেঙেৰী মোগং পথাৰৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক অলপতে স্থানীয় ৰাইজে আটক কৰি সেইসময়ত অসামৰিক পোছাকত থকা সংশ্লিষ্ট আৰক্ষীৰ লোককেইজনক গতাই দিছিল। পিছত লোকগৰাকীক আৰক্ষীৰ লোককেইজনে কাষৰ জংঘললৈ লৈ যায় আৰু মুকলি কৰি দিয়াৰ নামত ৩০,০০০ টকা বিচাৰে। এনে অৱস্থাতে বৰডুমছাৰ কেইজনমান সচেতন যুৱকে আৰক্ষীৰ লোককেইজনক হাতে লোটে ধৰা পেলায়। 

Banner

প্ৰতিনিধিত্বমূলক ছবি