অসম ৰঞ্জী দল ঘোষণা, স্থান নাপালে আবু নেচিমে
গুৱাহাটী – আগন্তুক ঘৰুৱা প্ৰথমশ্ৰেণীৰ ক্ৰিকেট চেম্পিয়নশ্বিপ ৰঞ্জী ট্ৰফীৰ বাবে অসম দলটো ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই। তাৎপৰ্যপূৰ্ণভাৱে শুক্ৰবাৰে ঘোষণা কৰা দলটোত স্থান নাপালে ৰাজ্যৰ আগশাৰীৰ পেচবলাৰ আবু নেচিম আহমেদে।
উল্লেখ্য যে ৰঞ্জী ট্ৰফীত অসমৰ হৈ ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা সত্ত্বেও দলৰ পৰা বাদ পৰি সম্প্ৰতি কেৰেলাৰ হৈ ৰঞ্জী ট্ৰফী খেলিবলগীয়া কৃষ্ণ দাসৰ পিছত এইবাৰ দলৰ পৰা বাদ পৰিল আবু নেচিম। অহা ১ নৱেম্বৰৰ পৰা অহা বছৰৰ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া ২০১৮-১৯ বৰ্ষৰ ৮৫ সংখ্যক ৰঞ্জী ট্ৰফীৰ বাবে ঘোষিত অসম দলটো -
অমিত সিনহা (অধিনায়ক)
পল্লৱ কুমাৰ দাস
ঋষভ দাস
ৰিয়ান পৰাগ
শিৱশংকৰ ৰয়
গকুল শৰ্মা
কুণাল শইকিয়া (উইকেটকীপাৰ)
ৱাছিকুৰ ৰহমান (উইকেটকীপাৰ)
ৰোমাৰিঅ’ শৰ্মা
অৰূপ দাস
মৃণ্ময় দত্ত
মুক্তাৰ হুছেইন
ৰাহুল সিং
জিতুমণি কলিতা
ৰঞ্জিত মালী
৩৭ টা দলে সম্প্ৰতি চাৰিটা গ্ৰুপত এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব।