ৰাজস্থানৰ বিৰুদ্ধে অসম ৰঞ্জী দল ঘোষণা

Wednesday, 19 February 2020

দৈনিক বাতৰি

ৰাজস্থানৰ বিৰুদ্ধে অসম ৰঞ্জী দল ঘোষণা

জি প্লাছ নিউজডেস্ক | December 04, 2018 13:43 hrs

গুৱাহাটী - ঘৰৰ মাটিতে শক্তিশালী হাৰিয়ানাক ইনিংছ ব্যৱধানত পৰাস্ত কৰাৰ পিছত উজ্জীৱিত হৈ থকা অসমৰ ৰঞ্জী ক্ৰিকেট দলটোত বিশেষ সালসলনি নঘটোৱাকৈ পৰৱৰ্তী খেলৰ বাবে কালি দল ঘোষনা কৰিছে অসম ক্ৰিকেট সন্থাই। গ্ৰুপ চিৰ খেলৰ বাবে ঘোষণা কৰা ১৫ জনীয়া দলটো এনেধৰণৰ -

আগন্তুক মেচখনৰ বাবেও অমিত সিনহাক অধিনায়ক হিচাপে ৰখা হৈছে। দলটোত আছে পাৰভেজ আজিজ, ঋষভ দাস, ৰাজ্জাকুদ্দিন আহমেদ, সিৱশংকৰ ৰয়, গকুল শৰ্মা, কুনাল শইকিয়া (উইকেটকীপাৰ), ৱাশ্বিকুৰ ৰহমান (উইকেটকীপাৰ), ৰোমাৰিঅ’ শৰ্মা, অৰূপ দাস, মৃণ্ময় দত্ত, মুক্তাৰ হুছেইন, ৰাহুল সিং, জীতুমণি কলিতা আৰু ৰঞ্জিত মালী।

উল্লেখ্য যে ৰাজস্থানৰ বিৰুদ্ধে মেচখন অহা ৬ তাৰিখে জয়পুৰত অনুষ্ঠিত হ’ব।

প্ৰতিনিধিত্বমূলক ফটো