ৰেষ্টুৰেণ্টসমূহ খোলা ৰখাৰ সময় নিশা ১০.৩০ বজালৈ বৃদ্ধি

Wednesday, 02 December 2020

দৈনিক বাতৰি

অসমঃ ৰেষ্টুৰেণ্টসমূহ খোলা ৰখাৰ সময় নিশা ১০.৩০ বজালৈ বৃদ্ধি - G Plus Assam

জি প্লাছ নিউজ | October 23, 2020 10:44 hrs

গুৱাহাটীঃ পূজাৰ উপলক্ষে সমগ্ৰ অসমতে ৰেষ্টুৰেণ্টসমূহ খোলা ৰখাৰ সময় নিশা ১০.৩০ বজালৈ বৃদ্ধি কৰা হয়। এই কথা সদৰি কৰে, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব, সমীৰ কে সিংহাই, ২২ অক্টোবৰত এক অধিসূচনাৰ যোগেৰে।


পূৰ্বতে অসম চৰকাৰে জাৰি কৰা নিয়মাৱলীৰ মতে পূজাৰ তিনি দিন ৰেষ্টুৰেণ্টসমূহ কেৱল মাত্ৰ নিশা ৯ বজালৈকে চলোৱাৰহে অনুমতি আছিল।


১২ অক্টোবৰৰ অধিসূচনাৰ মতে, হোটেলৰ পৰা কেৱল খোৱা সামগ্ৰী লৈ যোৱাৰ বাবেহে অনুমতি দিয়া হ’ব।


শেহতীয়া অধিসূচনাত কোৱা হৈছে যে "অধিসূচনাৰ অন্যান্য  নিয়মাৱলীবোৰ একেই থাকিব।"


ৰেষ্টুৰেণ্টবোৰ কেৱল খোৱা বস্তু লৈ যাবৰ বাবে খোলাৰ অনুমতি দিয়া হ'ব নে তাত বহি খাবলৈও অনুমতি দিয়া হ'ব, ইয়াক লৈ দোমোজাত পৰিছে জনসাধাৰণ।


জি প্লাছৰ সৈতে কথা পাতি বিশ্বজিৎ পেগু (কামৰূপ (এম)ৰ উপ আয়ুক্ত) কয় যে গুৱাহাটীৰ ৰেষ্টুৰেণ্টবোৰক ডিন-ইনৰ বাবে খোলাৰ অনুমতি দিয়া হ'ব।

Comments (2) মন্তব্য প্ৰেৰণ কৰক
  • Celalu

    bit.ly/Celaluhoki99

  • Celalu

    bit.ly/Celaluhoki99