ৰাজ্যত ৫ বছৰত পথ দুৰ্ঘটনাত মৃত্যু ১৩,২৪০ জনৰ
দৈনিক বাতৰি

ৰাজ্যত ৫ বছৰত পথ দুৰ্ঘটনাত মৃত্যু ১৩,২৪০ জনৰ

জি প্লাছ নিউজডেস্ক | August 30, 2019 15:03 hrs

৩০ আগষ্ট, গুৱাহাটী : যান-বাহন চালনৰ ক্ষেত্ৰত ৰাইজৰ মাজত বহুতো সজাগতা সৃষ্টি কৰি অহা হৈছে যদিও ৰাজ্যত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। বিগত পাঁচ বছৰত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩,২৪০ জন । পাঁচ বছৰত  সংঘটিত হোৱা মুঠ ৩৬,৯৬৫ দুৰ্ঘটনাৰ ভিতৰত ১৩ সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৩৩,২৩০ গৰাকী লোক গুৰুতৰভাৱে আহত তথা জীৱনৰ বাবে পংগুত্বক আকোৱালি ল'বলগীয়া হৈছে। 

কেৱল ২০১৮ বৰ্ষত পথ দুৰ্ঘটনাৰ বাবে প্ৰায় ৩ হেজাৰ লোকে প্ৰাণ হেৰুৱাইছে। স্বয়ং অসম আৰক্ষীয়ে  পাচঁবছৰীয়া খতিয়ানেৰে প্ৰকাশ কৰা দ্য এনালাইটিকেল গ্লিমচেছ অন ৰোড এক্সিডেণ্ট অব আছাম শীৰ্ষক গ্ৰন্থখনত ৰাজ্য কিদৰে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আহিছে তাৰ বিস্তৃত তথ্য সন্নিৱিষ্ট কৰা হৈছে। সেই অনুসৰি বিগত পাঁচ বছৰৰ ভিতৰত ২০১৮ চনত আটাইতকৈ বেছিকৈ দুৰ্ঘটনা সংঘটিত হয়। 

উক্ত তথ্য মৰ্মে ২০১৪ চনত ৭,১৪৪ টা, ২০১৫ চনত ৯,৯৫৯ টা ২০১৬ চনত ৭,৪৩৫ টা, ২০১৭ চনত ৭,১৭০ টা আৰু ২০১৮ চনত ৮,২৪৮ টালৈ বৃদ্ধি হয়। আনহাটে এই দুৰ্ঘটনাসমূহত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে২০১৮ চনত ২,৯৬৬ গৰাকী, ২০১৫ চনত ২,৩৯৭ গৰাকী, ২০১৬ চনত ২,৫৭২ গৰাকী, ২০১৭ চনত ২,৭৮৩ গৰাকী, আৰু ২০১৮ চনত ২,৯৬৬ গৰাকী। 

বিগত পাঁচ বছৰত পথ দুৰ্ঘটনাৰ ফলত ২০১৪ চনত ৬,৪৯৯ গৰাকী , ২০১৫ চনত ৭,০৬৬ গৰাকী, ২০১৬ চনত ৬,১৭২ গৰাকী, ২০১৭ চনত ৬,১৬৩ গৰাকী আৰু ২০১৮ চনত ৭,৩৭৫ গৰাকী লোক গুৰুতৰভাৱে আহত তথা বহুজনে পংগুত্বক আকোঁৱালি লয়। 

প্ৰধানকৈ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথতেই পথ দুৰ্ঘটনাৰ সংখ্যা অটাইতকৈ বেছিকৈ সংঘটিত হয় বুলি গৱেষণা গ্ৰন্থখনত প্ৰকাশ কৰা হৈছে। ২০১৮ চনত সংঘটিত মুঠ দুৰ্ঘটনাৰ ৪৮ শতাংশ ৰাষ্ট্ৰীয় ঘাইপথত আৰু ২৬ শতাংশ ৰাজ্যিক ঘাইপথত তথা আন পথত সংঘটিত হৈছে। একেদৰে ২০১৭ চনৰ তুলনাত ২০১৮ চনত ১৫ শতাংশ পথ দুৰ্ঘটনা বৃদ্ধি হয় তথা মৃত্য়ু হোৱা লোকৰ সংখ্যাও ৬.৬শতাংশ বৃদ্ধি হৈছে। ২০১৮ চনত পথ দুৰ্ঘটনাৰ পথত আহত হোৱা লেকৰ হাৰ ২০১৭ চনৰ তুলনাত বৃদ্ধি হৈছে ১৯.৬ শতাংশ।

এই গ্ৰন্থখনত আৰক্ষী বিভাগে প্ৰকাশ কৰা মতে অসমৰ ৩৪খন জিলাৰ ভিতৰত ৩০খনত ২০১৭ চনৰ তুলনাত পথ দুৰ্ঘটনাৰ সংখ্যা ২০১৮ চনত বৃদ্ধি পাইছে। ২০১৮ চনত আটাইতকে  বেছি পথ দুৰ্ঘটনা সংঘটিত হোৱা জিলাকেইখন হৈছে কামৰূপ(মহানগৰ), কামৰূপ (গ্ৰাম্য), নগাওঁ , কাছাৰ আৰু বৰপেটা । 

এই পাচঁখন জিলাৰ তুলনাত পথ দুৰ্ঘটনা বৃদ্ধি হোৱাৰ বিপৰীতে মাজুলী আৰু ডিমা হাছাও জিলাত পথ দুৰ্ঘটনা ক্ৰমে হ্ৰাস পাইছে। অতি পৰিতাপৰ বিষয় যে ২০১৮ চনত সংঘটিত মুঠ পথ দুৰ্ঘটনাৰ ভিতৰত ৬০ শতাংশ দুৰ্ঘটনাই ১৮ ৰ পৰা ৩৫ বছৰ লোকে সংঘটিত কৰা। ৫ শতাংশ দুৰ্ঘটনা অনুজ্ঞাপত্ৰ লাভ নকৰা অৰ্থাৎ ১৮ বছৰ তলৰ লোক, ২৪ শতাংশ ৩৫-৪৫ বছৰ বয়সৰ লোকে, ৯ শতাংশ ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ লোকে আৰু ১ শতাংশ ৬০ বছৰ তথা তাৰ ওপৰৰ বয়সৰ লোকে পথ দুৰ্ঘটনা সংঘটিত কৰে। 

উল্লেখ্য যে ৯৯৫ গৰাকী লোক অতিমাত্ৰা বেগত বাহন চলোৱাৰ বাবে মৃত্যু মুখত পৰে। আনহাতে ১৩০ গৰাকী লোক মদ্যপান কৰি গাড়ী চলোৱা , ৪৮২ গৰাকী লোক ভূল দিশেৰে গাড়ী চলোৱাৰ ফলত , ৬২ গাৰকী লোক পথ নিৰ্দেশনা অতিক্ৰম পাৰ হৈ যোৱাৰ ফলত আৰু ২২ গৰাকী লোকে বাহন চলাই থকাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ কাৰণে মৃত্যুৰ মুখত পৰে। 

আনহাতে অসমত গাড়ীৰ সংখ্যাও ভয়াবহভাৱে বৃদ্ধি পাইছে। ২০১৭ চনত অসমত পঞ্জীয়ন হোৱা মুঠ বাহনৰ সংখ্য়া আছিল ২৩,৩৭,২২৯ খন।২০১৮ চনত এই সংখ্য়া ৩০ লাখৰ সীমা অতিক্ৰম কৰিছে। এই বৃহৎ সংখ্যক গাড়ীৰ পৰিৱৰ্তে অসমত মুঠ পথৰ দৈৰ্ঘ্য হৈছে ৪৫.৫৫৪ কিলোমিটাৰ। ইয়াৰ ভিতৰত ২,৭৮২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, ২৫৩০ কিলোমিটাৰ ৰাজ্যিক ঘাইপথ  আৰু ৪০,২৪৮ কিলোমিটাৰ আন পথ আছে।

উত্তৰ-পূবৰ ভিতৰতে আটাইতকৈ বেছি পথ দুৰ্ঘটনা হোৱা আৰু ২০১৭ চনত সমগ্ৰ দেশৰ ভিতৰত পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত ১৬ নং স্থানত থকা অসমৰ বাবে ৰাজ্য চৰকাৰে যান-বাহন আইন অধিক কঠোৰভাৱে ৰূপায়ন নকৰিলে অনাগত দিনত আৰু কেইবা সহস্ৰাধিক লোক অকালতে প্ৰাণ হেৰুৱাতো নিশ্চিত হৈ পৰিছে।