নলবাৰীত গুলী চালনাঃ বেংকৰ পৰা লুটি নিলে ৫০ লাখতকৈও অধিক টকা - G Plus
দৈনিক বাতৰি

নলবাৰীত গুলী চালনাঃ বেংকৰ পৰা লুটি নিলে ৫০ লাখতকৈও অধিক টকা - G Plus Assam

জি প্লাছ নিউজ | November 21, 2020 12:27 hrs

গুৱাহাটীঃ দিন দুপৰতে আৰক্ষীৰ চকুত ধূলি মাৰি গুলী চালনা নলবাৰীৰ পঞ্জাৱ নেছনেল বেংকৰ অময়াপুৰ শাখাৰ পৰা।

মুঠতে চাৰিজন ডকাইত মটৰ বাইকত আহে প্ৰায় ৫৪ লাখ টকা বন্দুকৰ আগত লৈ যায়।


জি প্লাছে এই ঘটনা সন্দৰ্ভত নলবাৰীৰ আৰক্ষী অধীক্ষক অমৰজিৎ কৌৰৰ সৈতে যোগাযোগ কৰে। তেওঁ জনায় যে এই মুক্ত গুলী চালনাত নয়ন দাস নামৰ এজন আঘাত প্ৰাপ্ত হয়। তেওঁক বৰ্ত্তমান গুৱাহাটী মেডিকেলত ৰখা হৈছে আৰু তেওঁ বিপদ মুক্ত।

কৌৰে আৰু জনায় যে অনুসন্ধান অব্যাহত আছে।