অসমৰ আদিল হুছেইনক এইবাৰ দেখা পোৱা যাব বৃটিচ অভিনেতা এণ্ট’নিঅ’ আকীলৰ সৈতে একে ছবিত - G Plus Assam
অসমৰ স্বনাম ধন্য অভিনেতা আদিল হুচেইনক এইবাৰ দেখা পোৱা যাব যাব বৃটিচ অভিনেতা এণ্ট’নিঅ’ আকীলৰ সৈতে, তেওঁলোকৰ পৰৱৰ্তী ছবি ‘ফুটপ্ৰিণ্টচ অন ৱাটাৰ’ (Footprints on Water) ত।
ভেৰাইটীৰ প্ৰতিবেদন মতে, ‘ফুটপ্ৰিণ্টচ অন ৱাটাৰ’ ত ইউনাটেড কিংডমৰ এজন অবৈধ অনুপ্ৰৱেশকাৰী পিতৃৰ কাহিনী বৰ্ণনা কৰা হ’ব যি পুলিচ ৰাডাৰ পৰিহাৰ কৰি তেওঁৰ সন্ধানহীন কন্যাক বিচাৰি ফুৰে। এই অনুসন্ধানৰ মাধ্যমেৰে, চিনেমাখনে বিভিন্ন ৰাষ্ট্ৰীয়তাৰ অনুপ্ৰৱেশকাৰীসকলৰ জীৱন চিত্ৰিত কৰিব যি তেওঁলোকৰ জীৱন উন্নত কৰাৰ আশাৰে ইউ কেত উপস্থিত হয়।
ছবিখন নীতা শ্যামে লিখিছে আৰু ইয়াত নাথালিয়া শ্যমে পৰিচালনা কৰিব।
গুৱাহাটীঃ “মই এই চৰিত্ৰটি জীৱন্ত কৰি তুলিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো। আমাক শুভকামনা জনাব। শ্বুটিং বিৰ্মিংঘামত ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।” হুছেইনে সামাজিক মাধ্যমৰ যোগে প্ৰকাশ কৰে।
হুছেইনে পিতৃ জনৰ চৰিত্ৰটো ৰূপায়ণ কৰিব আৰু আকীলে এজন আফগানী শৰণাৰ্থীৰ চৰিত্ৰত দেখা দিব।