অসমৰ গংগোত্ৰী বৰদলৈৰ দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন
দৈনিক বাতৰি

অসমৰ গংগোত্ৰী বৰদলৈৰ দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন

জিপ্লাছ নিউজ ডেস্ক | January 13, 2020 11:24 hrs

১৩ জানুৱাৰী, গুৱাহাটী : খেলো ইণ্ডিয়াত পুনৰ উজ্জ্বলিল অসম। ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিক সফলতা অক্ষুন্ন ৰাখি অসমে দ্বিতিয়টো স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়। চাইক্লিংত ৬০ কিলো মিটাৰ অতিক্ৰম কৰি ৰাজ্যখনলৈ দ্বিতীয়টো সোণৰ পদক কঢ়িয়াই আনে ৰহাৰ গংগোত্ৰী বৰদলৈয়ে।

আনহাতে গহপুৰৰ চয়নিকা গগৈয়ে চাইক্লিংৰ একে শাখাত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয় ৷

যোৱা ১২ জানুৱাৰীত পূজা বসুমতাৰীয়ে জুডোৰ ৫৭ কেজি শাখাত স্বৰ্ণ জয় কৰে।১-০ ৰ ব্যৱধানত উত্তৰাখণ্ডৰ প্ৰতিযোগীগৰাকীক পৰাস্ত কৰে পূজাই।

গংগোত্ৰী বৰদলৈ