দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত সন্নিৱিষ্ট হ’ব উদ্ভৱ ভৰালীৰ জীৱন-পৰিক্ৰমা

Thursday, 28 May 2020

দৈনিক বাতৰি

দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত সন্নিৱিষ্ট হ’ব উদ্ভৱ ভৰালীৰ জীৱন-পৰিক্ৰমা

জিপ্লাছ | February 26, 2020 17:08 hrs

২৬ ফেব্ৰুৱাৰীঃ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰায় ৭লাখ শিক্ষাৰ্থীয়ে অহা শিক্ষাবৰ্ষৰ পৰা পঢ়িব অসমৰ বিশিষ্ট উদ্ভাৱক উদ্ভৱ ভৰালীৰ জীৱন তথা কৰ্মৰাজি। দিল্লীৰ ৰাজ্যিক  শিক্ষা সংসদ আৰু গৱেষণা  প্ৰশিক্ষণ ব’ৰ্ডে চৰকাৰী পাঠ্যপুথিত অন্তভুৰ্ক্ত কৰিব প্ৰখ্যাত উদ্ভৱ ভৰালীৰ কৰ্মৰাজিক লৈ এটি পাঠ। নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে থাকিব ভৰালীৰ জীৱন ভিত্তিক এই অধ্যায়। শীলা ভাটিয়া নামৰ প্ৰখ্যাত লেখিকাগৰাকীয়ে লিখিব ভৰালীৰ জীৱনভিত্তিক পাঠটি। ইতিমধ্যে দিল্লীৰ শিক্ষা সংসদে অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে উদ্ভৱ ভৰালীলৈ। এই খবৰে গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ দেশৰ লগতে লখিমপুৰলৈ।

           লখিমপুৰৰ এখন সৰু গাঁবৰ পৰা আকাশ চুব চেষ্টা কৰা ভৰালী দেশতেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ কৰ্মৰাজিৰে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত উদ্ভাৱক ভৰালীয়ে কয় যে দিল্লী শিক্ষা ব’ৰ্ডৰ এই সিদ্ধান্তত মই বহুত সুখী। সৰুতে বহু লোকৰ জীৱনী পঢ়িছিলো আৰু এতিয়া মোৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব, তেওঁলোকে মোৰ বিষয়ে অলপ হ’লেও জানিব, আৰু মই অসমক প্ৰতিনিধিত্ব কৰিব পাৰিছো ইয়াতকৈ গৌৰৱৰ কথা আৰু একো হ’ব নোৱাৰে। অসমতো উদ্ভাৱনৰ ক্ষেত্ৰত এটা পৰিৱেশ গঢ়ি উঠিব লাগে বুলিও মতপোষণ কৰে বিশিষ্ট উদ্ভাৱকগৰাকীয়ে।