কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪৪ ধাৰা । অসম নিউজ
দৈনিক বাতৰি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪৪ ধাৰা

জি প্লাছ নিউজ | January 13, 2021 14:45 hrs

গুৱাহাটী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘোষণা কৰা হৈছে  ১৪৪ ধাৰা । ভোগালী বিহু উপলক্ষে যাতে সমূহীয়াকৈ কোনো লোকে উদ্যানখনৰ ভিতৰত মাছ মাৰিবলৈ প্ৰৱেশ নকৰে তাৰ বাবে ১৩ আৰু ১৪ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘোষণা কৰা হৈছে  ১৪৪ ধাৰা । 


উদ্যানখনৰ আশে-পাশে বুঢ়াপাহাৰ, বাগৰী বনাঞ্চলকে ধৰি অন্যান্য ৰেঞ্জলৈ এই ধাৰা প্ৰযোজ্য হ'ব ।  জি প্লাছক  এই কথা জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালক পি শিৱকুমাৰে  ।


সূত্ৰ অনুসৰি, বিহুৰ প্ৰাকক্ষণত একাংশ লোকে উদ্যানখনৰ ভিতৰত মাছ ধৰিবলৈ প্ৰৱেশ কৰিছিল । যিয়ে উদ্যানখনৰ জীৱ-জন্তুৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল । 
যাৰ বাবে উদ্যান কৰ্তৃপক্ষই  ১৩ আৰু ১৪ জানুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানখনত ১৪৪ ধাৰা ঘোষণা কৰে ।  উল্লেখ্য যে, এই নিষেধাজ্ঞা কেৱল সমূহীয়াভাৱে মাছ ধৰা কাৰ্যৰ বিৰুদ্ধে হে । পৰ্যটকৰ বাবে মুকলি থাকিব উদ্যানখন ।