শিৱসাগৰত ‘প্লাষ্টিক বেংক’ মুকলি 

Wednesday, 20 November 2019

দৈনিক বাতৰি

শিৱসাগৰত ‘প্লাষ্টিক বেংক’ মুকলি 

জিপ্লাছ নিউজ ডেস্ক | October 18, 2019 18:13 hrs

১৮ অক্টোবৰ, গুৱাহাটী : শিৱসাগৰ জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ। দেশজুৰি একক ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিহাৰৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ সময়তে ১৮ অক্টোবৰ, শুক্ৰবাৰে সমগ্ৰ জিলাখনৰ বিভিন্ন অঞ্চলত শিৱসাগৰ জিলা প্ৰশাসনে প্লাষ্টিক বেংক স্থাপন কৰে। শিৱসাগৰ জিলাৰ চেণ্ট্ৰেল মাৰ্কেটত থকা প্লাষ্টিকৰ বেংকসমূহ জিলাখনৰ উপ কমিছনাৰ লক্ষ্মী প্ৰিয়াই উদ্বোধন কৰে। 

প্ৰাপ্ত খবৰ অনুসৰি শিৱসাগৰ পৌৰ নিগম বৰ্ডৰ উদ্যোগত পেলনীয়া প্লাষ্টিকসমূহ পুনৰ ব্যৱহাৰোপযোগী কৰিবলৈ মুঠ ১৫ টা প্লাষ্টিক বেংক মুকলি কৰে। এই বেংকসমূহ জিলাখনৰ বিভিন্ন ১৪ টা স্থানত স্থাপন কৰে। 

স্থানসমূহ হৈছে -

চেণ্ট্ৰেল মাৰ্কেট (লক্ষিমী ছবিগৃহৰ বিপৰীতে)

মন্দিৰ ৰোড (ডামিনী মেডিকেল ষ্টোৰৰ বিপৰীতে)

মন্দিৰ ৰোড (পুৰণি চিভিল হাস্পতালৰ বিপৰীতে)

জিলা উপাযুক্ত কাৰ্যালয় কমপ্লেক্স

ষ্টেশ্যন চাৰিআলি মাৰ্কেট

এ এছ টি চি পাছ আস্থান

জে পি আগৰৱালা পথ (নিবেদনৰ বিপৰীতে)

বাবু পট্টী ( এল আইচি বিল্ডিংৰ বিপৰীতে)

হাস্পতাল ৰোড

এটি ৰোড

জেঙনীকাটিয়া

বিজি ৰোড

বৰ্ডিং ৰোড

শিৱসাগৰ শিৱ মন্দিৰ এলেকা 

Banner