Guwahati and Barpeta Jolt By Two Earthquakes | Assamese News
দৈনিক বাতৰি

দুটা ভূমিকম্পই জোঁকাৰি গ’ল গুৱাহাটী আৰু বৰপেটা

জি প্লাছ নিউজ | September 22, 2020 12:46 hrs

গুৱাহাটীঃ ২২ ছেপ্তেম্বৰ, মংগল বাৰৰ নিশা দুটা মধ্য-প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল অসম।


‘‘প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৪.৪ আছিল, যাৰ কেন্দ্ৰ স্থল গুৱাহাটীৰ পৰা ৪৪ কিমি. পশ্চিমত, ৫ কিমি গভীৰতাত প্ৰায় নিশা ১.২৮ বজাত সংঘটিত হয়।” সঞ্জয় শ্ব’, গুৱাহাটী আই এম ডি ত বতৰ বিজ্ঞানৰ অধ্যক্ষই জি প্লাছক জনায়।


দ্বিতীয়টো ভূমিকম্প ৪.২ প্ৰাবল্যৰ আছিল, যাৰ কেন্দ্ৰ স্থল আছিল বৰপেটা জিলা, ৭১ কিমি গভীৰতাত মাত্ৰ ২ ছেকেণ্ডৰ ভিতৰতে সংঘটিত হয় বুলি তেওঁ জনায়।


কোনা ক্ষয়-ক্ষতিৰ খবৰ বৰ্ত্তমান লৈকে অন্তৰ্ভুক্ত হোৱা নাই।

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Nafis

    now news video