বন্ধ অসম বিশ্ববিদ্যালয়! ৮ম দিনত ধাৰাবাহিক প্ৰতিবাদ
গুৱাহাটী - অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ দ্বাৰা চলি থকা প্ৰতিবাদে প্ৰৱেশ কৰিছে ৮ম দিনত। ইফালে আজি এই ছাত্ৰসমাজৰে আমৰণ অনশনে প্ৰৱেশ কৰিছে ষষ্ঠটো দিনত। কাৰ্যতঃ বিঘ্নিত হৈছে সমগ্ৰ বিশ্ববিদ্যালয়খনৰ পাঠদানকে ধৰি প্ৰশাসনিক কাম-কাজ। আনহাতে শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি সাতগৰাকী ছাত্ৰক এইপৰ্যন্ত চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে।
বিগত এটা সপ্তাহ ধৰি ছাত্ৰ সমাজে বৰ্জন কৰিছে শ্ৰেণী। উল্লেখ্য যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ নেতা মিলন দাসক দুবছৰৰ বাবে বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ক্ষোভত ফাঁটি পৰিছে ছাত্ৰ সমাজ। প্রশাসনিক ভৱনত এসপ্তাহ ধৰি তলা ওলমাই ৰখাৰ অপৰাধত ছাত্রনেতা মিলন দাসক দুবছৰৰ বাবে বহিষ্কাৰ কৰিছে অসম বিশ্ববিদ্যালয়। আনকি শাস্তি চলি থকা সময়ছোৱাত বিশ্ববিদ্যালয় প্ৰাঙ্গনত প্ৰৱেশো নিষেধ কৰিছে মিলন দাসক।