Assam: Youth Lynched at Mariani; 8 Arrested | Assamese News
দৈনিক বাতৰি

এইবাৰ মৰিয়নীত অভি-নীল কাণ্ড, গণপ্ৰহাৰত প্ৰাণ গ’ল যুৱকৰ, ধৃত ৮

জিপ্লাছ | June 01, 2020 11:38 hrs

১ জুন, গুৱাহাটী - অসমত পুনৰ সংঘটিত হৈছে অভি-নীল কাণ্ড। এইবাৰ এদল উন্মত্ত লোকৰ গণপ্ৰহাৰত প্ৰাণ গ’ল এগৰাকী ২২ বছৰীয়া যুৱক দেৱাশীষ গগৈৰ।  মৰিয়নী আৰক্ষী থানাৰ এলেকাধীন আৰু দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তর্গত গাভৰু চাহ বাগিচাত এদল উন্মত্ত লোকৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লোৱা ন-কছাৰী মিলগাঁৱৰ দেৱাশীষ গগৈৰ ঘটনাই এতিয়া সকলোকে কন্দুৱাইছে৷ মৰিয়নী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ উদ্ভিদবিদ্যা বিভাগৰ ছাত্র দেৱাশীস ষষ্ঠ ষাণ্মাসিকৰ ছাত্র আছিল৷

ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ সৈতে জিপ্লাছৰ হোৱা বাৰ্তালাপত তেওঁ কয় যে প্ৰাথমিক তদন্তত লাভ কৰা তথ্য অনুসৰি ঘটনাৰ দিনা ৩ খন স্কুটীৰে ৯ গৰাকী যুৱক এখন চাহ বাগানৰ ভিতৰলৈ ফুৰিবলৈ গৈছিল আৰু সেই এলেকাৰ ভিতৰত থকা এটা পাহাৰীয়া এলেকাত প্ৰৱেশৰ চেষ্টা কৰিছিল। পিছে সেই এলেকাত প্ৰৱেশত বাধা দিয়ে এলেকাটোৰ চকীদাৰে। 

"আমি এই সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰা এগৰাকী যুৱককো আটক কৰিছো।” - কয় আৰক্ষী অধীক্ষকে। 

জানিব পৰা মতে, গাভৰু নামৰ ঠাইখনৰ আঠাইশটিলা নামৰ প্রাকৃতিক সৌন্দর্যৰে ভৰপুৰ ঠাইডোখলৈ যোৱা শুকুৰবাৰৰ দিনটোতে গৈছিল দেৱাশীষসকল আন আঠগৰাকী যুৱক। আঠাইশটিলালৈ যোৱা বাটত গাভৰু পর্বত চাহবাগিচা কর্তৃপক্ষই স্থাপন কৰিছিল এখন গে’ট৷ সেই গে’ট পাৰ হ’বলৈ দিয়া নাছিল চকীদাৰে৷ ইয়াকে লৈ তর্ক-বিতর্কত লিপ্তও হৈছিল দুয়োপক্ষ৷ পাছত ওভতি আহোতে গাভৰু পর্বত চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখতে এক দুর্ঘটনাত পতিত হয় দেৱাশিস গগৈৰ লগতে অহা আদিত্য দাস নামৰ আনজন যুৱক৷

প্ৰাপ্ত খবৰ অনুসৰি, দেৱাশিসহঁত একেবাৰে শেষত আছিল আৰু তেওঁলোক আহি বাগিচাখনৰ ফেক্টৰীৰ মুখতে দুগৰাকী মহিলাসহ তিনিগৰাকী লোকক খুন্দিয়ায়৷ এই দুর্ঘটনাক কেন্দ্র কৰিয়েই প্রথমে তৰ্কাতৰ্কি আৰু তাৰ পাছত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়৷ কেইবাশতাধিক লোকে আগুৰি লৈ দেৱাশিস আৰু আদিত্যক উপৰ্যুপৰি প্রহাৰ কৰিবলৈ লয়৷

ইফালে, ঘটনা প্রত্যক্ষ কৰি কোনো লোকে দেৱাশিসৰ পিতৃক ঘটনাৰ বিষয়ে অৱগত কৰাত কিছুসময়ৰ পাছত দেউতাক আৰু জ্যেষ্ঠা ভগ্নী গৈ ঘটনাস্থলীত উপস্থিত হৈছিল যদিও ইতিমধ্যে পিশাচলৈ পৰিণত হোৱা লোকসকলে দুয়োকে গাড়ীৰ পৰাই নামিবলৈ নিদিলে৷ পাছত কোনোমতে জ্যেষ্ঠা ভগ্নী গাড়ীৰ পৰা ওলাই গৈ দেৱাশিসক আনিব খোজে যদিও বায়েকৰ হাতৰ পৰা টানি-আজুৰি নি পুনৰ মাৰধৰ কৰিছিল লোকসকলে৷ পাছত বায়েক আৰু পুতুল মাঝি নামৰ এজন ব্যক্তিৰ সহযোগত কোনোমতে গাড়ীলৈ অনা হয় দুয়োগৰাকী যুৱকক  আৰু ততালিকে চুঙী লাহিঙৰ আদর্শ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰ পিছতে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় দুয়ো যুৱকক। পিছে চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় দেৱাশীষে৷