ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ পোৱালি জন্ম

Saturday, 06 June 2020

দৈনিক বাতৰি

ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ পোৱালি জন্ম

জিপ্লাছ | March 27, 2020 18:42 hrs

২৭ মাৰ্চ, গুৱাহাটী - কৰ’নাৰ আতংকৰ মাজতেই আহিল এটা ভাল খবৰ৷ কালি নিশা অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হয় এটা মতা সোণালী বান্দৰৰ পোৱালি৷ ৰাজ্যিক চিৰিয়াখানাত স্থাপন কৰা সোণালী বান্দৰৰ প্রজনন কেন্দ্রত জন্ম হয় বান্দৰৰ পোৱালিটো৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ বন বিভাগে বহু বছৰ ধৰি চিৰিয়াখানাত সোণালী বান্দৰৰ প্রজনন কেন্দ্র স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছিল৷

কিন্তু সফল হ’ব পৰা নাছিল৷ কিন্তু নিৰৱচিছন্ন চেষ্টাৰ অন্তত যোৱা বছৰ এটা মাইকী সোণালী বান্দৰৰ পোৱালি আৰু কালি মতা বান্দৰৰ পোৱালিটোৰ জন্ম হয়৷ উল্লেখযোগ্য যে বর্তমান সময়ত সোণালী বান্দৰৰ সংখ্যা যথেষ্ট হ্রাস পাই আহিছে৷ সোণালী বান্দৰ বর্তমান বিপন্ন প্রজাতিৰ স্তন্যপায়ী প্রাণী৷ গতিকে এনে অৱস্থাত সোণালী বান্দৰৰ পোৱালিৰ জন্মৰ জৰিয়তে অসম ৰাজ্যিক চিৰিয়াখানাই বিলুক্তপ্রায় প্রজাতিটোৰ বংশবৃদ্ধিৰ বাবে উৎকৃষ্ট উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হ’ল৷