হঠাৎ অসুস্থ বিশিষ্ট অভিনেতা নিপন গোস্বামী
দৈনিক বাতৰি

হঠাৎ অসুস্থ বিশিষ্ট অভিনেতা নিপন গোস্বামী

জিপ্লাছ ব্যুৰ’ | June 12, 2019 10:58 hrs

১২ জুন, গুৱাহাটী - কালি হঠাৎ অসুস্থ হৈ পৰি গুৱাহাটীৰ ছয়মাইলত থকা জি এন আৰ চি হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে অসমীযা চলচ্চিত্রৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী।

প্ৰাপ্ত তথ্য অনুসৰি অভিনেতাগৰাকীয়ে বিয়লি নিজগৃহৰে স্নানাগাৰত পিছলি পৰি উৰুত আঘাত পায়। চিকিৎসকে প্ৰাথমিক পৰীক্ষাৰ অন্তত গোস্বামীৰ আঘাত গুৰুতৰ নহয় বুলি উল্লেখ কৰে।

উল্লেখ্য যে  তেজপুৰত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীৰ বৰ্তমান বয়স ৭১ বছৰ। চিৰাজ, দেউতাৰ বিয়া, প্ৰিয়া অ’ প্ৰিয়া, ককাদেউতাৰ ঘৰ জোৱাই, মিথা মিথা লগনত, অপৰূপা, সন্ধ্যাৰাগ, বহাগৰ দুপৰীয়া, ঘৰ সংসাৰ আদিকে ধৰি শতাধিক জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে।