অসমীয়া ছুটি ছবি ‘জ্যোতি এণ্ড জয়মতী’ প্ৰদৰ্শিত হ’ব বগতা ছুটি ছবি মহোৎসৱত
দৈনিক বাতৰি

অসমীয়া ছুটি ছবি ‘জ্যোতি এণ্ড জয়মতী’ প্ৰদৰ্শিত হ’ব বগতা ছুটি ছবি মহোৎসৱত

জি প্লাছ নিউজডেস্ক | November 29, 2018 14:37 hrs

গুৱাহাটী - অসমীয়া ছুটি কাহিনী ছবি ‘জ্যোতি এণ্ড জয়মতী’ প্ৰদৰ্শিত হ’ব ষষ্ঠদশ বগতা ছুটি ছবি মহোৎসৱত। অহা ৪ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ কলম্বিয়াৰ বগতাত অনুষ্ঠিত হ’ব এই ছবি মহোৎসৱ। গুৱাহাটীৰ প্ৰতিভাৱান ছবি নিৰ্মাতা মেহদী জাহানৰ পৰিচালনাত নিৰ্মিত ছবিখনত অভিনয় কৰিছে প্ৰতীক্ষা গগৈ, প্ৰশান্ত বৰা, আভা বাই, ৰাহুল ৰাভা, কে ডি চন্দ্ৰকান্ত, ধীৰাজ চেতিয়া আৰু কীৰ্তিকমল দাসে।

উল্লেখ্য যে বিশ্বৰ ১১০ খন দেশৰ ৩৯২৪ খন ছবিৰ মাজৰ পৰা মাত্ৰ ২০ খন ছবি এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীৰ মেহদী জাহানৰ ‘জ্যোতি এণ্ড জয়মতী’ অন্যতম। ছবিখন এই মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা মৌলিক শাখাত প্ৰতিদ্বন্দিতা কৰিব। এই শাখাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা একমাত্ৰ ভাৰতীয় ছবিখনো এই ‘জ্যোতি এণ্ড জয়মতী’।

জ্যেতি এণ্ড জয়মতী ছবিৰ এখন স্থিৰ ছবি