আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী ; আজি কাতি বিহু

Wednesday, 20 November 2019

দৈনিক বাতৰি

আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী ; আজি কাতি বিহু

জিপ্লাছ নিউজ ডেস্ক | October 18, 2019 15:09 hrs

১৮ অক্টোবৰ, গুৱাহাটী : তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।আজি ৰাজ্যজুৰি ওলহ-মালহে পালন কৰা হৈছে অসমীয়াৰ বাপতি সাহোন কাতি বিহু। আহিনৰ শেষ দিনটোত অতীজৰে পৰা পালন কৰি অহা হৈছে আলোকৰ উৎসৱ কাতি বিহু বা কঙালী বিহু। কৃষকৰ হেপাঁহৰ খেতি ডৰাক পোক-পৰুৱাৰ পৰা বচাই ৰাখিবলৈ পৰম্পৰাগতভাৱে এই  বিহুটি পালন কৰা হয়।

এই সময়ছোৱাতে সৰহভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ-অনাতনে কৃষক ৰাইজক জুৰুলা কৰাৰ সময়তে চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনায় অসমবাসীয়ে। লগতে গো–লক্ষ্মীক উদ্দেশ্যি গোহালি ঘৰ, লক্ষ্মী বাস কৰা ভঁৰাল ঘৰ, তামোল–নাৰিকলৰ আদিৰ তলতো চাকি জ্বলাই লক্ষিমী আদৰে ঘৰৰ গৃহিনীয়ে।কণ কণ ল’ৰা ছোৱালীবোৰে ঘৰে ঘৰে গৈ তুলসীৰ তলত প্ৰাৰ্থনা জনাই মাহ-প্ৰসাদ খায়।  

চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে।গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে।সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। আনহাতে এই পবিত্ৰ সন্ধিয়া শ্মশানতো মাটিৰ চাকি জ্বলাই গৃহস্থই মৃতকৰ পৰা আশীৰ্বাদ বিচাৰে।

সমগ্ৰ ৰাজ্যতে কাতি বিহু উপলক্ষে ব্যাপত প্ৰস্তুতি চলাইছে। গ্ৰামাঞ্চলৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্ততো কাতিৰ বিহুৰ প্ৰস্তুতি চলিছে। 

Banner