SEBA Assistant Secretary Arrested for Taking Bribe | Assamese News
দৈনিক বাতৰি

'ছেবা'ৰ সহকাৰী সচিব ঘোচ খোৱাৰ অভিযোগত গ্ৰেপ্তাৰ

জি প্লাছ নিউজ | September 19, 2020 11:13 hrs

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ সহকাৰী সচিব, হেমন্ত ডেকাক ১৮ ছেপ্টেম্বৰৰ দিনা গ্ৰেপ্তাৰ কৰা হয় ঘোচ খোৱাৰ অভিযোগত।


হেমন্ত ডেকাক দুৰ্নীতি নিবাৰক শাখাৰ ১২জনীয়া এটা দলে এগৰাকী শিক্ষাৰ্থীৰ দশম শ্ৰেণীৰ কিছুমান প্ৰ-পত্ৰৰ শুধৰণি কৰাৰ বাবদ অভিভাৱকৰ পৰা ৮,০০০ টকাৰ ঘোচ বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।


অভিভাৱক, শিৱ্কুমাৰ ভুজেলে, দুৰ্নীতি নিবাৰক শাখাক যেতিয়া ডেকাই কামতো কৰাৰ বাবদ ১০,০০০ টকা বিচাৰিছিল, তেতিয়াই অৱ্গত কৰি ৰাখিছিল। উল্লেখনীয় যে, হেমন্ত ডেকাৰ বিৰুদ্ধে পূৰ্বৰো দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ আছে।

 


ডেকাৰ লগত আন কোনোবা চক্ৰ জৰিত আছে নেকি জানিবলৈ বৰ্ত্তমান জেৰা চলাই থকা হৈছে বিষয়াগৰাকীক।