ৰে’ল তথা বিমান যাত্ৰীসকলৰ বাবে ৰাজ্যিক পৰিবহন বিভাগৰ জৰুৰীকালীন নম্বৰ আৰু পিক আপ্ পইণ্টসমূহ
দৈনিক বাতৰি

ৰে’ল তথা বিমান যাত্ৰীসকলৰ বাবে ৰাজ্যিক পৰিবহন বিভাগৰ জৰুৰীকালীন নম্বৰ আৰু পিক আপ্ পইণ্টসমূহ

জিপ্লাছ নিউজ ডেস্ক | June 29, 2020 08:44 hrs

২৯ জুন, গুৱাহাটী: ল'কডাউনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্রোপলিটন জিলাৰ ASTC  বাছ সেৱা সমূহ চহৰৰ বিভিন্ন পিক আপ্ পইণ্টৰ পৰা বিমানবন্দৰ তথা ৰে’ল ষ্টেচনলৈ ব্যৱস্থা কৰা হৈছে। নিম্নলিখিত আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ পিক আপ্ পইণ্ট হিচাপে চিহ্নিত কৰা হৈছে। 
১.দিছপুৰ আৰক্ষী থানা 
২. নুনমাটি আৰক্ষী থানা
৩.পাণবজাৰ আৰক্ষী থানা
 ৪.লতাশিল আৰক্ষী থানা 
৫. পল্টন বজাৰ আৰক্ষী থানা
৬.ভৰলুমুখ আৰক্ষী থানা
৭.গীতানগৰ আৰক্ষী থানা
৮.জালুকবাৰী আৰক্ষী থানা
৯.বশিষ্ঠ আৰক্ষী থানা
১০. ফটাশিল আমবাৰী আৰক্ষী থানা
১১.হাতীগাঁও আৰক্ষী থানা
১২.গড়চুক আৰক্ষী থানা
১৩. ভঙাগড় আৰক্ষী থানা
১৪. সাতগাঁও আৰক্ষী থানা
১৫.চান্দমাৰী আৰক্ষী থানা
১৬. ফাঁচী বজাৰ আৰক্ষী চকী
১৭. মালিগাঁও আৰক্ষী চকী
১৮. উদালবাকৰা আৰক্ষী চকী
১৯. বিৰুবাৰী আৰক্ষী চকী
২০. যোৰাবাট আৰক্ষী চকী
২১. ISBT আৰক্ষী চকী
২২. পানীখাইতি আৰক্ষী চকী

এই বাছসমূহ ওপৰত উল্লেখিত স্থানৰ পৰা ৰাতিপুৱা ৫ বজাত, 7 বজাত, ৯ বজাত, ১১ বজাত, ১ বজাত, ৩ বজাত, ৫ বজাত আৰু সন্ধিয়া  ৭ বজালৈ চলাচল কৰিব ।

গুৱাহাটীৰ যিকোনো বাসিন্দাই যদি আকাশমাৰ্গেৰে তথা ৰে’ল সেৱাৰে যাত্ৰা কৰিব বিচাৰে তেন্তে বিমানবন্দৰলৈ আৰু ৰে’ল ষ্টেচনলৈ যাবৰ বাবে ৰেজিষ্টাৰ কৰক http://assamtransportrelief.in/ ত। 

আপোনালোকে নিম্নলিখিত হোৱাটচ্এপ্প(Whatsapp) নম্বৰৰ জৰিয়তেও আমাৰ  সৈতে ৰেজিষ্টাৰ সম্বন্ধে যোগাযোগ কৰিব পাৰে -
6026900637
6026900969
6026900638
6026900970
6026900639
6026900971
6026900966
6026900972
6026900967
6026900973
6026900968
6026900976

এই হেল্পলাইন সেৱাসমূহ দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব। ৰেজিষ্ট্ৰেশ্যন সমূহ যিকোনো যাত্ৰাৰ ২৪ ঘণ্টা আগতীয়াকৈ কৰাটো অনিবার্য লগতে সম্পূর্ণ তথ্য তথা যেনে যাত্ৰীগৰাকীৰ সম্পূর্ণ নাম, মোবাইল নম্বৰ, পিক আপ পইণ্টৰ নাম, ফ্লাইট/ৰে’ল নম্বৰ, ফ্লাইট আৰু ৰেলৰ এৰা সময় আৰু তাৰিখ, PNR কোড নম্বৰ যোগান ধৰিব লাগিব। যাত্ৰীসকলে ASTC বাছৰ সেৱা গ্ৰহণৰ আগমূহুৰ্তত ৰেল আৰু ফ্লাইটৰ টিকত  দেখুৱাব লাগিব। 

যিসকল বাসিন্দাই ব্যক্তিগত আৰু ভাড়াতীয় গাড়ী বিমানবন্দৰ আৰু ৰেল ষ্টেচনলৈ  পিকআপ্ আৰু ড্ৰপৰ বাবে ব্যবহাৰ কৰিব বিচাৰে তেওঁলোকে ৰেজিস্টাৰ কৰিব নালাগে। কিন্তু, গাড়ীৰ ড্ৰাইভাৰে পিক আপ্ বা ড্ৰপ কৰোতে লগত যাত্রীৰ ফ্লাইট বা ৰেলৰ টিকট ৰাখিব লাগিব ।

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Mohan kumar

    I need help. I want go to guwahati railway station since next week(tuesday).please help me.i am mohan kumar from jharkhand.contact no is 7903574219