ফিল্মফেয়াৰৰ সফলতাৰ গুণ-গৰিমাৰে জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

Monday, 30 March 2020

দৈনিক বাতৰি

ফিল্মফেয়াৰৰ সফলতাৰ গুণ-গৰিমাৰে জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

জিপ্লাছ | February 17, 2020 15:54 hrs

গুৱাহাটী - সফলতাৰে সম্পন্ন হ’ল ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান।ফিল্ম অনুষ্ঠানৰ পৰা অসমৰ কি লাভালাভ হ’ল এই সম্পৰ্কে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এক সংবাদ মেলত কয় যে ফিল্ম ফেয়াৰৰ যোগেদি অসমে প্ৰায় ২৩ কোটি উপাৰ্জন কৰিলে।

অসমৰ কলা সংস্কৃতি ঐতিহ্যৰ লগতে বহু খিনি দিশে প্ৰচাৰ প্ৰসাৰ লাভ কৰিলে।এই সম্পৰ্কত দৃষ্টান্ত দি বৰুৱাই কয় যে অনুষ্ঠানৰ ষ্টেজৰ বৰ্হি ভাগত অসমৰ মুখা আৰু জাপি ব্যৱহাৰ কৰা হৈছে।ইয়াৰ উপৰিও ব্লেক লেডী কঢ়িয়াই অনা আইকনটো অসমীয়া পৰম্পৰাগত সাজ পোচাক পৰিধান কৰি উপস্থাপন হয়।

ইয়াৰ সমান্তৰালভাৱে চলচিত্ৰ পৰ্যটনেও প্ৰসাৰ লাভ কৰে।উল্লেখযোগ্য যে টাইম অৱ ইণ্ডিয়া গ্ৰুপে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১কোটি  ৬০ লাখ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।স্মৰ্তব্য যে অসমৰ প্ৰায় ১৬০ গৰাকী শিল্পীয়ে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰে।

কাঁ বিৰোধী  আন্দোলনে অসম পৰ্যটনক নেতিবাচক প্ৰভাৱ পেলাইছিল যদিও ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানে ইতিবাচক দিশৰ সূচনা কৰিল বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে ।

 

ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত অসম চৰকাৰে অসমৰ জনসাধাৰণৰ ৰাজহৰ ধন অলপো অপব্যয় কৰা নাই৷ অসম চৰকাৰে টাইমছ অব৲ ইণ্ডিয়া গ্রুপক অনুষ্ঠানটো অসমত পতাৰ বাবে ২৩ কোটি টকা প্রদান কৰে যদিও ইয়াৰ বিপৰীতে ৰাজ্যৰ পর্যটন উদ্যোগ আৰু চহকী সংস্কৃতিৰ বিশ্বজোৰা প্রচাৰ আৰু প্রসাৰ লাভ কৰাৰ উপৰি নগদ ৩৫ কোটি টকা লাভ কৰিলে৷ ইয়াৰ উপৰি আয়োজক গ্রুপে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ প্রায় ২ কোটি টকা আগবঢ়াই থৈ যায়৷

ইয়াৰ উপৰি কেৱল ফিল্মফেয়াৰ অনুষ্ঠানৰ জৰিয়তেই দেশ-বিদেশৰ প্রায় ২০০ কোটি লোকে অসমৰ কথা জানিব বুলি আশা কৰা হৈছে৷ আজি এই কথা সদৰী কৰে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই৷ বিশাল অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হৈ যোৱাত সহযোগ লাভ কৰা সকলো পক্ষলৈ কৃতজ্ঞতা জ্ঞাপন কৰি এক সংবাদমেলত বৰুৱাই কয় যে অনুষ্ঠানটো হোৱাৰ আগতে অসম চৰকাৰে ২৩ কোটি টকা প্রদান কৰাক লৈ ব্যাপক বিতর্কৰ সূত্রপাত হৈছিল৷ আজি এই ধন অপব্যয় যে হোৱা নাই সেয়া প্রমাণ হ’ল৷

অসমে কেৱল ৰাজ্যখনৰ পর্যটন উদ্যোগটোৰ প্রচাৰ আৰু প্রসাৰৰ বাবে অনুষ্ঠানটো অসমলৈ অনাৰ বাবে পর্যটন উন্নয়ন নিগমৰ বিজ্ঞাপনৰ শিতানত থকা ২৩ কোটি টকা প্রদান কৰিছিল৷ এয়া প্রথমেই হোৱা বুজাবুজিৰ চুক্তিতে উল্লেখ কৰা হৈছিল৷ গতিকে এতিয়া প্রচাৰ চলাৰ দৰে অধিক ধন দিয়া নাই বুলিও তেওঁ দাবী কৰে৷ তেওঁ কয় যে অসম চৰকাৰে যদিও ২৩ কোটি টকা ব্যয় কৰিলে, তাৎক্ষণিকভাৱেই আয়োজক গ্রুপটোৱে তাৰকা শিল্পীৰ পৰা কলা-কুশলীসকলক অসমত তিনি তাৰকা আৰু পঞ্চ তাৰকা হোটেলত ৰখা, তেওঁলোকক অনা-নিয়াৰ বাবে ভাৰালৈ লোৱা বিলাসী গাড়ী, অসমৰ কলা-কুশলী, স্বেচছাসেৱক আৰু শ্রমিকৰ পাৰিশ্রমিক দিয়া আদি কামতে ৩৫ কোটি টকা ব্যয় কৰি থৈ গৈছে৷

এই অনুষ্ঠানৰ বাবেই গুৱাহাটীৰ বহুকেইখন হোটেলৰ প্রায় ৮০০ কোঠা বুক কৰা হৈছিল৷ গুৱাহাটীৰ মানুহৰ পৰাই মার্চিডিছ আৰু অ’ডিৰ দৰে ৫০০ উচচ দৰৰ বিলাসী গাড়ী ভাৰা লৈছিল৷ তদুপৰি জ্যোতি চিত্রবনৰ কেমেৰাকে ধৰি বহু সা-সৰঞ্জাম ভাৰালৈ লৈছিল অনুষ্ঠানটোৰ বাবে৷ ইয়াৰ উপৰি দক্ষ আৰু অদক্ষ দুয়োবিধ শ্রমিক আৰু কাৰিকৰী লোকক কাম কৰাৰ বাবে নিয়োগ কৰি তাৰ উচিত পাৰিশ্রমিকো দি যায়৷ মূল মঞ্চৰ বাহিৰে বাকী অংশ অসমৰ বনুৱাৰ জৰিয়তেই নির্মাণ কৰা হৈছিল বুলিও তেওঁ সদৰী কৰে৷

আনকি অসমৰ ১৬০ গৰাকী শিল্পীয়ে যি অনুষ্ঠান পৰিৱেশন কৰিলে প্রতিজন শিল্পীকে ইয়াৰ উচিত পাৰিশ্রমিক দি যোৱা বুলিও তেওঁ সদৰী কৰে৷ এক কথাত অসমৰ ধন অসমকেই দি থৈ যোৱা বুলি তেওঁ সদৰী কৰি অসমৰ ৰাইজৰ ধনৰ কোনোধৰণৰ অপব্যয় কৰা হোৱা নাছিল বুলি তেওঁ দাবী কৰে৷ আনহাতে এইবাৰৰ অনুষ্ঠানৰ টিকট বিক্রী কৰি প্রায় ৪ কোটি টকা লাভ কৰা হৈছিল আৰু জি এছ টি কর্তন কৰাৰ পাছত থকা অংশৰ পৰা আধা অর্থাৎ ১.৬০ কোটি টকা অনুষ্ঠান চলি থকা সময়তে মুখ্যমন্ত্রীৰ হাতত তেওঁৰ সাহায্য পুঁজিলৈ আগবঢ়াই থৈ যায়৷

আনহাতে কর্তন কৰা জি এছ টিৰো আধা অংশ অসমেই লাভ কৰিব বুলি সদৰী কৰি তেওঁ এই ধন প্রায় ২ কোটি হ’ব বুলি কয়৷ আনহাতে বিজ্ঞাপন নির্মাণ কৰি পর্যটন বিভাগে প্রচাৰ চলালে যি ব্যয় হ’লহেঁতেন তাতকৈ বহু কম মূল্যত এতিয়া প্রচাৰ লাভ কৰা বুলি তেওঁ কয়৷ বলিউডৰ চাৰিগৰাকী তাৰকাই অসমৰ কাজিৰঙা, মানাহ, পবিতৰা আৰু শিৱসাগৰত বিজ্ঞাপনৰ শ্বুটিং কৰে৷ এই বিজ্ঞাপনকেইটা এতিয়া প্রচাৰ হৈ আছে৷ পাছতো ফিল্মফেয়াৰৰ কথাখিনি বাদ দি প্রচাৰ চলাব পৰা যাব বুলিও জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে৷

এই বিজ্ঞাপনৰ স্বত্ব টাইমছ অব৲ ইণ্ডিয়াৰ উপৰি অসম চৰকাৰৰ হাতত থকাৰ চুক্তিও হৈছে বুলি তেওঁ সদৰী কৰি অসমে যেতিয়াই ইচছা কৰে সেই বিজ্ঞাপনকেইটা প্রচাৰ কৰিব পাৰিব বুলি কয়৷ ইয়াৰ উপৰি বলিউডৰ ৮গৰাকী তাৰকা শিল্পীয়ে ৪০ ছেকেণ্ডকৈ ফিল্মফেয়াৰ আৰু অসম পর্যটনৰ প্রচাৰ চলোৱা বুলিও তেওঁ কয়৷ এইবোৰ অসমৰ বাবে বহু লাভজনক বুলি তেওঁ সদৰী কৰে৷ ইয়াৰ উপৰি কালি কালার্ছ চেনেলত অনুষ্ঠানটো সম্প্রচাৰ কৰাৰ সময়ত অতি কমেও ৫বাৰ প্রিয়ংকা চোপ্রা থকা অছ’ম আছামৰ বিজ্ঞাপনকেইটা প্রচাৰ হোৱাৰ উপৰি অসংখ্যবাৰ অছ’ম আছামৰ ল’গ’ প্রচাৰ হোৱা বুলি তেওঁ কয়৷

যোৱাবাৰ ফিল্মফেয়াৰৰ মূল অনুষ্ঠানৰ সম্প্রচাৰৰ লগতে ছ’চিয়েল মিডিয়াত কৰা প্রচাৰ মুঠ ১৯৬ কোটি লোকে দর্শন কৰা বুলি টাইমছ অব৲ ইণ্ডিয়া গ্রুপে অসম চৰকাৰক জনাইছিল৷ এইবাৰ এই সংখ্যা ২০০ কোটি স্পর্শ কৰাৰ আশা কৰা হৈছে৷ ইফালে এইবাৰৰ অনুষ্ঠানত অসমৰ প্রথম ছবি জয়মতীৰ পৰা ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা, প্রমথেশ বৰুৱা, শ্রীমন্ত শংকৰদেৱ, ছু্যকাফাৰ পৰা সতী জয়মতী, সতী ৰাধিকা আৰু সতী সাধনীৰ কথাও প্রচাৰ কৰা বুলি তেওঁ কয়৷

এইসকল পুৰোধা লোকৰ কথা এতিয়া সমগ্র বিশ্বই জানিব বুলিও তেওঁ কয়৷ অনুষ্ঠানত অসমৰ ৩০টা জনগোষ্ঠীয় সংস্কৃতি, সত্রীয়া সংস্কৃতি প্রচাৰ কৰি পর্যটন বিভাগে সাংস্কৃতিক বিভাগৰ কামো কৰি দিয়া বুলি তেওঁ কয়৷ আনহাতে মঞ্চৰ বাহিৰে সমগ্র প্রেক্ষাগৃহত অসমৰ জাপি আৰু মুখাশিল্পৰ প্রদর্শন কৰাৰ কথাও তেওঁ প্রকাশ কৰে৷ আনকি ফিল্মফেয়াৰৰ ব্লেক লেডীৰ যি মেস্কট সেয়া প্রতি বছৰে ক’লা পোছাক পৰিহিত লোকেহে আদৰি নিছিল৷ এইবাৰ পৰম্পৰা ভংগ কৰি অসমৰ বিহুৱতীৰ পোছাক পৰিহিতা মহিলাই অনা বুলিও তেওঁ কয়৷

আনহাতে ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে অসমলৈ বলিউডৰ সৰু-বৰ মুঠ ৮০ গৰাকী তাৰকাৰ আগমন ঘটিছিল বুলি সদৰী কৰি জয়ন্ত মল্ল বৰুৱাক টাইমছ অব৲ ইণ্ডিয়া গ্রুপে ইয়াৰ পূর্বে মুম্বাইত পতা ৬৪টা অনুষ্ঠানত ইমানসংখ্যক তাৰকাৰ উপস্থিতিও বিৰল আছিল বুলি জনায় বুলি কয়৷ অধিকাংশ তাৰকাই অসমীয়াত শুভেচছা জ্ঞাপন কৰি আৰু আদৰণি জনাই অসমক আদৰি লোৱাৰ উপৰি অসমীয়াৰ আতিথ্যৰ কথাৰে ছ’চিয়েল মিডিয়া ভৰাই পেলোৱা বুলিও বৰুৱাই কয়৷