সাত দুৰ্বৃত্তই দাৰে ঘপিয়ালে দুই যুৱকক

Thursday, 02 April 2020

দৈনিক বাতৰি

সাত দুৰ্বৃত্তই দাৰে ঘপিয়ালে দুই যুৱকক

জিপ্লাছ নিউজ ডেস্ক | July 27, 2019 12:06 hrs

২৭ জুলাই, গুৱাহাটী : পুৱতি নিশা ৩ বজাত মহানগৰৰ ছয়মাইলত ৭ যুৱকৰ দলে দাৰে ঘপিয়াই ২ যুৱকক। যুৱকে দুজনে পথ এৰি দিবলৈ হৰ্ণ বজাওঁতেই সাতজনীয়া যুৱকৰ দলটোৱে যুৱককেইজনক দাৰে আক্ৰমণ কৰে। 

আহত যুৱক দুজন কৃষ্ণ শৰ্মা আৰু মহিবুল ইছলাম বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীয়ে সাতজনীয়া দলটোৰ ৫ জনক আটক কৰিছে। 

ধৃত ঋষিৰাজ চেতিয়া, দীপক সিং,অভিশেষ নায়ক, ৰাহুল ডিক’জ, বিসান মুখাৰ্জীসহ দলটো অৰাভেল ট্ৰেভেলচ প্ৰাইভেট লিমিটেডত কৰ্মৰত কৰ্মচাৰী । আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

প্ৰতিনিধিমূলক ছবি