৭ তৰপীয়া ভাড়া নিৰ্ধাৰণ কৰিলে বিমান পৰিবহন বিভাগে
২২ মে’, গুৱাহাটী - অহা ২৫ মে’ৰ পৰা ভাৰতে আংশিকভাৱে বিমান পৰিবহন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই বিমান সংস্থাসমূহে যাতে যাত্ৰীৰ পৰা অত্যধিক ভাড়া ল’ব নোৱাৰে আৰু যাত্ৰা যাতে কেৱল প্ৰয়োজনীয় উদ্দেশ্যেহে হয় সেয়া নিশ্চিত কৰিবৰ বাবে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ভাড়া নিৰ্ধাৰণ কৰি দিছে।
উল্লেখ্য যে এই ভাড়াৰ নিৰিখৰ ক্ষেত্ৰত মন্ত্ৰালয়ে সাতটা স্তৰ নিৰ্ধাৰণ কৰি দিছে। প্ৰতিটো স্তৰতই সৰ্বনিম্ন আৰু সৰ্বোচ্চ সীমা ধৰি দিয়া হৈছে।
তলত এই সম্পৰ্কীয় এক তালিকা আগবঢ়োৱা হৈছে -