স্বচ্ছ আৰু সেউজ গাওঁৰ স্বীকৃতি বজালীৰ ‘হেলনা’ গাৱঁলৈ 
দৈনিক বাতৰি

স্বচ্ছ আৰু সেউজ গাওঁৰ স্বীকৃতি বজালীৰ ‘হেলনা’ গাৱঁলৈ 

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 13:11 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : বৰপেটা জিলাৰ বজালী এলেকাৰ এখন ব্যতিক্ৰমী গাওঁ। স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি লাভ কৰা বজালীৰ এই বিশেষ গাওঁখনৰ নাম ‘হেলনা গাওঁ’। 

গাঁওবাসীয়ে এবছৰ পূৰ্বৰ পৰাই গাঁওখনত নিষিদ্ধ কৰিছে একক ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু সেৱন। গাওঁখনৰ মহিলাসকলে ঘৰতেই কাগজৰ বেগ নিৰ্মাণ কৰি স্থানীয় দোকানসমূহত বিতৰণ কৰে। 

গাওঁখনত কোনো লোকে যদি প্লাষ্টিক ব্যৱহাৰ কৰে তেন্তে পাঁচশ টকাৰ জৰিমনা বিহাৰো নিয়ম লাগু কৰিছে। লগতে ৰাজহুৱা ভাৱে নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিলে এহাজাৰ টকাৰ জৰিমনাৰ ব্যৱস্থা কৰিছিল।

গাওঁবাসীৰ এই প্ৰচেষ্টাক মুখ্য মন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে টুইটাৰযোগে  প্ৰশংসা কৰি কয়- বৰপেটা জিলাৰ বজালীৰ হেলনা, অসমৰ প্ৰথমখন ‘স্বচ্ছ আৰু সেউজ গাঁও’। স্বচ্ছতাৰ ক্ষেত্ৰত গাঁওবাসী একেলগে আগবাঢ়িছে আহিছে। হেলনাবাসীয়ে দেখুৱাই দিছে যে সন্মিলিত প্ৰচেষ্টাই প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰে।”

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ টুইটৰ পাছতেই  ৮ অক্টোবৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰযোগে এই বিশেষ গাওঁখনক প্ৰশংসা কৰে ।

টুইটোত সোণোৱালে কৈছিল যে বৰপেটা জিলাৰ বজালীৰ বেলনা, অসমৰ প্ৰথমখন ‘স্বচ্ছ আৰু সেউজ গাঁও’। স্বচ্ছতাৰ ক্ষেত্ৰত একেলগে আগবাঢ়িছে গাঁওবাসী। বেলনাবাসীয়ে দেখুৱাই দিছে যে সন্মিলিত প্ৰচেষ্টাই প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰে।

সোণোৱালৰ এই টুইটৰ পাছতে প্ৰধান মন্ত্ৰী মোদীয়ে টুইটাৰযোগে বজালীৰ বেলনাবাসীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।প্ৰধান মন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা স্বচ্ছতা অভিযানৰ অংশ স্বৰূপে গ্ৰীণ মিশ্যন বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ তৎপৰতাত হেলনাবাসীয়ে প্লাষ্টিক বৰ্জনৰ লগতে গাঁওখন পৰিষ্কাৰ, পৰিচ্ছন্ন আৰু সেউজীয়া কৰি ৰখাৰ পণ লৈছিল।

Banner