অচিৰেই ভৰলুৰ গেলা পানীয়ে বুৰাব মহানগৰীৰ ৰাজপথ 
দৈনিক বাতৰি

অচিৰেই ভৰলুৰ গেলা পানীয়ে বুৰাব মহানগৰীৰ ৰাজপথ 

জিপ্লাছ নিউজ ডেস্ক | November 08, 2019 15:29 hrs

৮ নৱেম্বৰ, গুৱাহাটী : মহানগৰীত স্বচ্ছতাৰ ফোপোলা ছবি। এফালে ৰাজ্যত প্লাষ্টিকমুক্ত অভিযান চলি থাকোঁতেই মহানগৰীৰ মাজ মজিয়াৰ ভৰলু নৈ অৱৰ্জনাৰে ওফন্দি উঠিছে। যোৱা ৫ নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰ পাৰত অনুষ্ঠিত হোৱা পুস্কৰ মেলাৰ বাবে ভৰলুক ভেটা দিয়া হৈছিল ।   

পুস্কৰ মেলাৰ উপলক্ষে ভৰলুৰ পানী ব্ৰহ্মপুত্ৰত পৰাৰ পথটো বন্ধ কৰি থোৱা আছিল। ফলত জাৱৰ-জোথৰেৰ ওফন্দি পৰিছে নবীন নগৰৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ একাংশ। বিভাগীয় কৰ্তৃপক্ষই যদি অতি শীঘ্ৰে একো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে দুই এদিনতে ভৰলুৰ পানীয়ে ৰাজপথ বোৱাৰ সম্ভাৱনা আছে। 
 

Banner

time 8