ধৰ্ষণকাণ্ড প্ৰতিৰোধৰ বাবে ডিভাইচ উদ্ভাৱন ভাস্কৰ বৰ্মনৰ

Thursday, 19 September 2019

দৈনিক বাতৰি

ধৰ্ষণকাণ্ড প্ৰতিৰোধৰ বাবে ডিভাইচ উদ্ভাৱন ভাস্কৰ বৰ্মনৰ

জিপ্লাছ নিউজ ডেস্ক | September 11, 2019 13:02 hrs

১১ ছেপ্তেম্বৰ, গুৱাহাটী : সম্প্ৰতি সমাজত বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষণকাণ্ড। ধৰ্ষণকাণ্ড বৃদ্ধি পোৱাৰ ওপৰত লক্ষ্য ৰাখি গোৱালপাৰা যুৱ বিজ্ঞানী ভাস্কৰ বৰ্মনে উদ্ভাৱন কৰিছে বিশেষ ডিভাইচযুক্ত অন্তৰ্বাস। এই ডিভাইচযুক্ত অন্তৰ্বাস যিকোনো মহিলাই পৰিধান কৰিলে কোনো দুৰ্বৃত্তই ধৰ্ষণকাৰ্য সংঘটিত কৰিব নোৱাৰিব।

এই ডিভাইচযুক্ত অন্তৰ্বাস খুলিবৰ চেষ্টা কৰিলেই অভিভাৱকলৈ ফোন বাজি উঠিব। লগেই লগেই অভিভাৱকৰ ফোনত সেই ঘটনা সংঘটিত হোৱাৰ ঠাইৰ নামৰ বাৰ্তা যাব আৰু  মেপত ঘটনাৰ স্থান দেখা যাব।অভিভআৱকে ফোন কলটো ৰিচিভ কৰিলেই ঘটনাস্থলীত হৈ থকা সকলো কথোপকথন শুনিবলৈ পোৱা যাব।     

গোৱালপাৰাৰ টিক্ৰিকিল্লাৰ যুৱ বিজ্ঞানী ভাস্কৰ বৰ্মনে মংগলবাৰে গোৱালপাৰা জিলাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত এই ডিভাইচৰ ডেমো প্ৰদৰ্শন কৰে। তেওঁ জনোৱা মতে এই ডিভাইচটো প্ৰস্তুত কৰিবলৈ তেওঁক ১ বছৰ সময় লাগিছিল। উক্ত ডিভাইচযুক্ত অন্তৰ্বাস তৈয়াৰ কৰিলে সমাজত ধৰ্ষণকাৰ্য কিছু পৰিমানে হ’লেও কমিব বুলি  তেওঁ আশাবাদী।

পূৰ্বতেও ভাস্কৰে  মটৰ চাইকেল চুৰি পোৱাৰ পৰা ৰক্ষা পাবলৈ বিশেষ ডিভাইচযুক্ত হেলমেট প্ৰস্তুত কৰি উলিয়াইছিল। লগতে বেশেষ চেন্সৰযুক্ত বৈদ্যুতিক বাল্ব আৰু কলিং বেলো উদ্ভাৱন কৰিছিল। চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ালে অতি শীঘ্ৰেই এই ডিভাইচযুক্ত অন্তৰ্বাস  মহিলাসকলৰ বাবে মুকলাই দিব বুলি ভাস্কৰ বৰ্মনে জানিবলৈ দিয়ে। 

Banner

ভাস্কৰ বৰ্মন