বিহু সমিটিয়ে ‘নিষিদ্ধ’ ঘোষণা কৰিলে অসমৰ ছগৰাকী শিল্পীক

Wednesday, 19 February 2020

দৈনিক বাতৰি

বিহু সমিটিয়ে ‘নিষিদ্ধ’ ঘোষণা কৰিলে অসমৰ ছগৰাকী শিল্পীক

জিপ্লাছ | January 11, 2020 12:41 hrs

গুৱাহাটী - নাগৰিকত্ব সংশোধনী আইনলৈ সমৰ্থন আগবঢ়োৱাৰ অভিযোগ তুলি ডিব্ৰুগড় জিলাৰ ২৬ খন বিহু সমিতিয়ে নিষিদ্ধ ঘোষণা কৰিছে অসমৰ ছজনকৈ প্ৰতিষ্ঠিত শিল্পীক।

এই শিল্পীকেইগৰাকী হৈছে ক্ৰমে প্ৰিয়ংকা ভড়ালী, কৃষ্ণমণি চুতীয়া, নয়ন নীলিম, আকাশদ্বীপ, গায়ত্ৰী মহন্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটা। 

ইফালে ছ’চিয়েল মিডিয়াযোগে প্ৰিয়ংকা ভড়ালীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ প্ৰথমটো দিনৰে পৰা নাগৰিকত্ব সংশোধী আইনৰ বিৰোধিতা কৰি আহিছে আৰু শেহতীয়াকৈ শিল্পী সমাজৰ সৈতে লতাশিল খেলপথাৰ আৰু চানমাৰি খেলপথাৰতো এই আইন বিৰোধী প্ৰতিবাদতো অংশগ্ৰহণ কৰিছিল। এনে পৰিস্থিতিত কিয় তেওঁক এনেদৰে নিষিদ্ধ কৰা হ’ল, তাক লৈ কোনো ষড়যন্ত্ৰ সন্দেহ কৰিছে শিল্পীগৰাকীয়ে।