আজি প্ৰাৰ্থী তালিকা ঘোষণা নকৰে বিজেপিয়ে
দৈনিক বাতৰি

আজি প্ৰাৰ্থী তালিকা ঘোষণা নকৰে বিজেপিয়ে

| March 18, 2019 13:12 hrs

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টীয়ে আজি ঘোষণা নকৰে চূড়ান্ত প্ৰাৰ্থী তালিকা। গোৱাৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা মনোহৰ পাৰিকৰৰ মৃত্যুৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে।

পাৰিকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দলটোৱ আজি অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহক বৈঠকো বাতিল কৰিছে।

উল্লেখ্য যে, পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ী আজি কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত অসমকে ধৰি কেবাখনো ৰাজ্যৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ কথা আছিল দলটোৰ। 

Banner

ফাইল ফটো