কাজিৰঙাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰী
দৈনিক বাতৰি

কাজিৰঙাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰী

জিপ্লাছ নিউজ ডেস্ক | November 07, 2019 13:13 hrs

৭ অক্টোবৰ, গুৱাহাটী : কাজিৰঙাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰী। যোৱা ৬ নৱেম্বৰত বোকাখাত মহকুমা প্ৰশাসনে কাজিৰঙাৰ কহঁৰাত গুটকা, পানমচলা, জৰ্দা আদি ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী বা সেৱন নিষিদ্ধ কৰে। আনহাতে আৰক্ষী চকীৰ ৩০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰে ৷

বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে জাৰি কৰা এক নিৰ্দেশনাত কাজিৰঙাৰক প্ৰদূষণ মুক্ত কৰি ৰাখিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। ধঁপাতজাতীয় সামগ্ৰীসমূহ সেৱণ কৰি  পলিথিনৰ পেকেট আৰু আৱৰ্জনাসমূহ য’তে ততে পেলোৱাৰ ফলত পৰিৱেশ প্ৰদূষণ হয়।  এই নিৰ্দেশনাত স্থানীয় লোকৰ সহযোগিতা কামনা কৰিছে মহকুমা প্ৰশাসনে ৷

Banner

প্ৰতিনিধিত্বমূলক ছবি