বগীবিল দলংৰ নাম ‘বিষ্ণু-জ্যোতি সেঁতু’ হওঁক - পৰেশ বৰুৱা

Wednesday, 19 February 2020

দৈনিক বাতৰি

বগীবিল দলংৰ নাম ‘বিষ্ণু-জ্যোতি সেঁতু’ হওঁক - পৰেশ বৰুৱা

জি প্লাছ নিউজডেস্ক | December 08, 2018 13:53 hrs

গুৱাহাটী - নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সেনা প্ৰধান পৰেশ বৰুৱাই বগীবিল দলংখনক ‘বিষ্ণু-জ্যোতি সেঁতু’ নামেৰে নামাকৰণ কৰাৰ আহ্বান জনাইছে। অসমীয়া জাতিৰ অন্যতম ধ্বজাবাহক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে এই সেঁতুৰ নাম হোৱা উচিত বুলি মত পোষণ কৰে আলফা সেনাপ্ৰধানজনে। 

বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান নিউজ ১৮ অসম-নৰ্থইষ্টক আলফা সেনাপ্ৰধানজনে কয় যে এই নামটো ৰাজ্যবাসীয়ে, অসমবাসীয়ে গ্ৰহণ কৰিব লাগে, সমৰ্থন জনাব লাগে। ভাৰতৰ দীৰ্ঘতম স্থলপথ-ৰে’লপথ সন্নিৱিষ্ট নদী দলংখনৰ নাম অসমৰ অন্যতম পুৰোধা ব্যক্তি দুগৰাকীৰ নামেৰে হ’লে তাত কাৰো আপত্তি নাথাকিব বুলিও মন্তব্য কৰে সেনাপ্ৰধানজনে।

উল্লেখ্য যে অহা ২৫ ডিচেম্বৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু প্ৰতীক্ষিত বগীবিল দলংখনৰ শুভ উদ্বোধন কৰিব।


বগীবিল দলং