প্ৰেছিডেন্স কাপ বক্সিং টুৰ্নামেণ্টত ফাইনেলত প্ৰৱেশ অসম সন্তান শিৱ থাপা
দৈনিক বাতৰি

প্ৰেছিডেন্স কাপ বক্সিং টুৰ্নামেণ্ট ফাইনেলত প্ৰৱেশ অসম সন্তান শিৱ থাপা

জিপ্লাছ নিউজ ডেস্ক | July 20, 2019 16:04 hrs

২০ জুলাই, গুৱাহাটী: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অব্যাহত অসমৰ খেলুৱৈৰ দপদপনি।কাজাখাস্তানৰ আস্তানত অনুষ্ঠিত হৈ থকা প্ৰেছিডেন্স কাপ বক্সিং টুৰ্নামেণ্টত আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিছে অসম সন্তান শিৱ থাপাই।

প্ৰতিযোগিতাখনত বক্সিং কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৬৩ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰা তাৰকা বক্সাৰ শিৱ থাপাই শুকুৰবাৰে ছেমিফাইনেলত কিৰ্গিস্তানৰ আৰ্গান কাদিৰিবেকুলুক ৪-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।

খেলুৱৈগৰাকীয়ে ফাইনেলত প্ৰৱেশ কৰি  আনন্দিত বুলি  উল্লেখ কৰে। যদিও ফাইনেলত জয়ী হোৱাটোহে মূল লক্ষ্য বুলি কয় অসম সন্তানগৰাকীয়ে। ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰা শিৱ থাপাৰ এইটো ৬৩ কেজি শাখাৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক হ’ব।

Banner

শিৱ থাপা