বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই ,বানত ক্ষতিগ্ৰস্ত ১৩ লাখ লোক
দৈনিক বাতৰি

বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই ,বানত ক্ষতিগ্ৰস্ত ১৩ লাখ লোক

জিপ্লাছ নিউজ ডেস্ক | July 13, 2020 10:44 hrs

১৩ জুলাই, গুৱাহাটী: ৰাজ্যত কৰ’ণা মহামাৰীৰ ত্ৰাস মাৰ নাযাওঁতেই বানে জুৰুলা কৰিছে ৰাজ্যবাসীক। বিগত দিনকেইটাত নেৰা নেপেৰা বৰষুণ হৈ থকাৰ ফলত পুনৰ ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। শেহতীয়াকৈ গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰি ৫০.৪৭ ছেণ্টিমিটাৰত বৈ আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। 

আনহাতে ৰাজ্যৰ প্ৰায় ২০০০ খন গাঁৱৰ ১৩ লাখ লোক বানৰ কবলত হাহাকাৰ কৰিছে। অসম দুৰ্যোগব্যৱস্থাপনা ৰ তথ্য অনুসৰি অসমৰ ২৪ জিয়া বৰ্তমান বানৰ কবলত বুৰ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২২৪ টা আশ্ৰয় শিবিৰত ২১,০০০ লোকে আশ্ৰয় গ্ৰহণ কৰিছে। 

ইয়াৰোপৰি বানৰ কবলত পৰি ৪৪ জন লোক মৃত্যৰ মুখত পৰিছে।