ভাৰতে বাতিল কৰিলে দিল্লী-লাহোৰ বাছ সেৱা

Wednesday, 19 February 2020

দৈনিক বাতৰি

ভাৰতে বাতিল কৰিলে দিল্লী-লাহোৰ বাছ সেৱা

জিপ্লাছ ব্যুৰ’ | August 12, 2019 18:58 hrs

১২ আগষ্ট, গুৱাহাটী :  জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লোৱৰ পাছতেই শনিবাৰে পাকিস্তানে লাহোৰ-দিল্লীৰ মাজত চলাচল কৰা বাছ সেৱা বাতিল কৰিছিল।পাকিস্তানৰ সম্প্ৰচাৰ মন্ত্ৰী মুৰাদ চৈয়দে টেলিফোনিকযোগে এই বাছসেৱা বাতিলৰ বিষয়ে ভাৰত চৰকাৰক অৱগত কৰিছিল। সোমবাৰে ভাৰতে দিল্লী-লাহোৰ বাছ সেৱা বাতিলৰ সিদ্ধান্ত লৈছে।

দিল্লী পৰিবহন নিগমৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱামতে সোমবাৰে পুৱা দিল্লী পৰিবহণ নিগমৰ এখন বাছ লাহোৰ অভিমুখে ৰাওনা হোৱাৰ কথা আছিল। কিন্তু পাকিস্তানে এই বাছ সেৱা বাতিল কৰিছিল। ইয়াৰ বাবে দিল্লীৰ পৰা অন্তিমখন বাছ শনিবাৰে পুৱা ২জন যাত্ৰীসহ লাহোৰলৈ ৰাওনা হৈছিল। 

বাছখনে সন্ধিয়া উভতাৰ সময়ত ১৯ গৰাকী যাত্ৰীক লৈ আনে।  সেই বাছখনৰ পিছত দিল্লী পৰিবহন নিগমৰ অধীনত দেওবাৰে কোনো ধৰণৰ বাছ  দিল্লীৰ পৰা লাহোৰলৈ ৰাওনা হোৱা নাই।