কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ

Friday, 03 April 2020

দৈনিক বাতৰি

কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ

জিপ্লাছ নিউজ ডেস্ক | December 05, 2019 13:26 hrs

৫ ডিচেম্বৰ, গুৱাহাটী : ৰাজ্যজুৰি  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে  ক্ষোভৰ জুই। কালি দিল্লীৰ কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ অনুমোদৰ জনোৱাৰ পাছতে বিভিন্ন দল- সংগঠনে বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্ঠাযৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই আৰু কেব বিৰোধী শ্লোগানেৰে আকাশ কঁপাই তোলে।  মহানগৰীত ক্ষোভিত প্ৰতিবাদকাৰীসকলে বিধায়ক নৰেন সোণোৱালৰ বাসগৃহৰ সন্মুখত অসম গণ পৰিষদৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণী ভূষণ চৌধুৰীৰ প্ৰতিকৃতি চিপ দি ওলোমাই থয়। 

আনহাতে প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি হিমন্ত বিশ্ব শৰ্মা গ’বেক, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, বিজেপি চৰকাৰ গ’বেগ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। 

এই জাতিধ্বংসী বিধেয়কখন কোনোপধ্যেই গৃহীত কৰিব দিয়া নহ’ব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।      

আছুৰ সদস্য