অসমীয়া হিন্দুক বিয়া কৰালে বঙালী হিন্দুৱে লাভ কৰিব নগদ ধন
দৈনিক বাতৰি

অসমীয়া হিন্দুক বিয়া কৰালে বঙালী হিন্দুৱে লাভ কৰিব নগদ ধন

জিপ্লাছ | February 18, 2020 11:57 hrs

গুৱাহাটী -  এতিয়াৰে পৰা বঙালী হিন্দুৱে অসমীয়া হিন্দুক বিয়া কৰালে লাভ কৰিব নগদ ধনৰ সাহায্য। বঙালী যুৱক-যুৱতীয়ে যদিহে হিন্দু যুৱক-যুৱতীৰে বিবাহপাশত আবদ্ধ হয়, তেন্তে ৪০০০০ টকাৰ এক অৰ্থ সাহায্য লাভ কৰিব পাৰিব। এই দুয়োটা সমুদায়ৰ মাজত যাতে সম্পৰ্ক সুদৃঢ় হয় তাৰ বাবেই ৰাজ্যিক ভাষিক সংখ্যালঘূ উন্নয়ন পৰিষদৰ দ্বাৰা এক আঁচনি গ্ৰহণ কৰা হৈছে। আৰু সেই আঁচনি অনুসৰিয়েই এই অৰ্থসাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই পৰিষদৰ অধ্যক্ষ আলোক কুমাৰ ঘোষে কয়, “আন সুদায়ৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা দম্পতিসকলে সততে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগতে সমাজৰ পৰাও এলাগী হৈ পৰা দেখা যায়। আমি তেনে দম্পতিসকলক বিভিন্ন দোকান, বিউটী পাৰ্লাৰ তথা কৃষি কাৰ্যৰ বাবে সহায় কৰিবলৈ সাজু হৈছো।”

তেওঁ লগতে কয়, “ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক এক প্ৰস্তাৱ দাখিল কৰা হৈছে। আনকি তেনে অসমীয়া-বঙালী দম্পতিসকলে অনলাইনযোগে আবেদন কৰিবৰ বাবে এটা ৱেবছাইটো সজাই তোলা হৈছে।

(উৎস - টাইমছ অৱ ইণ্ডিয়া) 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Madhu

    is it true?? how to apply????