Centre Disburses 1st Installment of Rs 386 Cr Towards State Disaster Relief Fund | Assamese News
দৈনিক বাতৰি

ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিলৈ প্ৰথম কিস্তি হিচাপে ৩৮৬ কোটি টকা মোকলাই দিলে কেন্দ্ৰই

জিপ্লাছ | May 28, 2020 10:33 hrs

২৮ মে’, গুৱাহাটী - কেন্দ্রীয় চৰকাৰে ৰাজ্যিক দুযোর্গ সাহায্য পুঁজিলৈ এই বছৰৰ প্রথম কিস্তিৰ ৩৮৬ কোটি টকা মোকলাই দিছে। ইয়াৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে বিভাগীয় কৰ্তৃপক্ষক এই পুঁজিৰ যথোচিত ব্যৱহাৰৰ নির্দেশ দিছে, যাতে ৰাজ্যখনৰ বন্যাৰ্তই এই পুঁজিৰে সকাহ পাব পাৰে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান তথা বানাক্রান্ত অন্যান্য বন্যপ্রাণী অভয়াৰণ্যসমূহৰ জীৱ-জন্তুসমূহৰ বাবেও খাদ্য যোগানৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷

 

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কালি ৰাজ্যপাল জগদীশ মুখীক ৰাজভৱনত সাক্ষাৎ কৰি ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা ব্যৱস্থাৱলী সম্পর্কে অৱগত কৰে৷ ৰাজ্যত কৰ’না ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ সর্ম্পকেও মুখ্যমন্ত্রী সোণোৱালে অৱগত কৰে ৰাজ্যপালক৷ আজি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অসম ৰাজ্যিক দুযোর্গ ব্যৱস্থাপনা প্রাধিকৰণৰ শীর্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বান সাহায্য শিবিৰসমূহত বানপীড়িতসকলৰ হাত ধোৱাৰ বাবে চাবোন আৰু পানী, মাস্ক তথা সাহায্য শিবিৰসমূহৰ যথোচিত ছেনিটাইজেশ্যনৰ পদক্ষেপ ল’বলৈ জিলাৰ উপায়ুক্তসকলক নির্দেশ দিয়ে৷

ৰাজ্যখনৰ ৮খন জিলাৰ ১৫৭টা বানত বিধবস্ত পথৰ মেৰামতিকৰণৰ কাম আৰম্ভ কৰাৰ বাবে গড়কাপ্টানী বিভাগক নির্দেশ দি মুখ্যমন্ত্রীয়ে জলসম্পদ বিভাগক খহনীয়াপ্রৱণ এলেকাসমূহৰ সুৰক্ষাৰ বাবে পর্যাপ্ত পৰিমাণৰ আৰ চি চি পার্কিউপাইন, বাঁহ, বালিৰ বস্তা ইত্যাদিৰ লেখীয়া সামগ্রীসমূহ মজুত কৰাৰ ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলক লকডাউন আৰু মে’ মাহৰ প্রতিকূল বতৰৰ বাবে মথাউৰিসমূহ নির্মাণৰ দিশত বিলম্ব হোৱাৰ কথাটো জনসাধাৰণক অৱগত কৰাৰ ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে৷