কেন্দ্ৰই কাইলৈ গৃহীত কৰিব পাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক
গুৱাহাটী - সমগ্ৰ অসমজুৰি ব্যাপক প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কাইলৈ গৃহীত কৰাৰ পথত আগবাঢ়িছে নাগৰিকত্ব সংশোধনী বিধেয়ক। কাইলৈ অৰ্থাৎ ৪ ডিচেম্বৰত এই বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
প্ৰাপ্ত তথ্য অনুসৰি, কাইলৈ কেবিনেট বৈঠকত পুৱা ৯.৩০ বজাতেই দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দাখিল কৰিব এই বিধেয়ক।
আনহাতে অহা ৬ ডিচেম্বৰত উচ্চ সদনত দাখিল কৰা হ’ব এই বিধেয়ক, ইয়াৰ পিছতেই অহা ৯ ডিচেম্বৰত লোকসভাত দাখিল কৰা হ’ব এই বিধেয়ক, আৰু তাৰ পিছতেই পৰৱৰ্তী দিনটোতেই গৃহীত কৰা হ’ব এই বিধেয়ক।